Local, Vocal, Global

One Arrested For Attempting To Rape Girl : মুকবধিৰ যুৱতীক ধৰ্ষণৰ চেষ্টা ফেৰীৱালাৰ !

জামুগুৰিহাট, ১৩ মাৰ্চ : মুকবধিৰ যুৱতীক ধৰ্ষণৰ চেষ্টা লম্পটৰ। ২২ বছৰীয়া মুকবধিৰ যুৱতীক ধৰ্ষণৰ চেষ্টা চলাই ফেৰীৱালাই । ৰাইজে উত্তম-মধ্যম দি আৰক্ষীক গতালে লম্পটক(One Arrested For Attempting To Rape Girl) ।

জামুগুৰিহাটত সংঘটিত হৈছে এই জঘন্যৰ ঘটনাক । বুধবাৰে জামুগুৰিহাটৰ নিকটৱৰ্ত্তী ইটাখোলাৰ হাটিঙা বাগানৰ এগৰাকী ২২ বছৰীয়া মুকবধিৰ যুৱতীক ধৰ্ষণৰ চেষ্টা চলাই ফেৰীৱালাই ।

অভিযোগ অনুসৰি ফেৰীৱালা অহিদুৰে ৰহমানে মুকবধিৰ যুৱতী গৰাকীক অকলশৰীয়া অৱস্থাত পাই ফুচুলাই নি ধৰ্ষণৰ চেষ্টা চলাওতেই স্থানীয় ৰাইজে দেখা পাই হুলস্থূল কৰে আৰু লম্পটোক ৰাইজে কৰায়ত্ব কৰে(One Arrested For Attempting To Rape Girl)।

জানিব পৰা মতে, ধৰ্ষণৰ চেষ্টা চলোৱা লম্পটো জামুগুৰিহাটৰ বাকোলা গাঁৱৰ ৪৯ বছৰীয়া অহিদুৰ ৰহমান। ৰাইজে ইতিমধ্যে লম্পট অহিদুৰ ৰহমানক ইটাখোলা আৰক্ষীক চমজাই দিয়ে। ইতিমধ্যে আৰক্ষীয়ে লম্পট অহিদুৰক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে যুৱতী গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

লগতে পঢ়ক : Panchayat secretary caught taking bribe : গৌৰীপুৰত দুৰ্নীতি নিবাৰকৰ জালত গাঁও পঞ্চায়তৰ সচি