গোলাঘাটৰ মেৰাপানী সীমান্তত নিষিদ্ধ নিচাযুক্ত টেবলেটসহ এজনক আটক

নিউজ ডেস্ক, ১১ মাৰ্চ,২০২২ : বৃহস্পতিবাৰে গোলাঘাট জিলাৰ মেৰাপানী সীমান্তত আৰক্ষীয়ে আটক কৰে নিষিদ্ধ নিচাযুক্ত টেবলেটসহ এজন যুৱকক। মেৰাপানী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি দীৰ্ঘদিন ধৰি চলাই আছিল এই অভিযান। অভিযানৰ অন্তত নাগালেণ্ডৰ সীমান্ত অঞ্চলত নিষিদ্ধ নিচাযুক্ত টেবলেট সৰবৰাহ ও অবৈধ ব্যৱসায়ৰ লগত জড়িত পুনি মেচ নামৰ এজন ব্যক্তিৰ লগতে আটক কৰে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট।
জানিব পৰা মতে, দীৰ্ঘদিন ধৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ নিচাযুক্ত টেবলেটৰ সৰবৰাহৰ লগত জড়িত হৈ আছিল পুনি মেচ। আটকাধিন ব্যক্তি জনক আৰক্ষীয়ে বৰ্তমান নিজ জিম্মাত লৈ সোধ পোছ অব্যাহত ৰাখিছে।