Local, Vocal, Global

Omar Abdullah sworn in as new CM : জম্মু-কাশ্মীৰত নতুন চৰকাৰৰ শপত গ্ৰহণ;মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ওমৰ আব্দুল্লাই

নিউজ ডেস্ক,১৬অক্টোবৰ : শপত ল’লে জম্মু-কাশ্মীৰত নতুন চৰকাৰে ৷বুধবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নেচনেল কনফাৰেন্সৰ উপ-সভাপতি ওমৰ আব্দুল্লাই ।

শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় ডাল হ্ৰদৰ পাৰত থকা শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত। জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই ওমৰ আব্দুল্লা আৰু তেওঁৰ পাঁচ সতীৰ্থ মন্ত্ৰীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়(Omar Abdullah sworn in as new CM)।

শপতগ্ৰহণ অনুষ্ঠানত বহুতো ভিভিআইপি উপস্থিত থকাৰ বাবে অনুষ্ঠানস্থলীৰ চাৰিওফালে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হয়।

লগতে পঢ়ক :3% DA Hike Announced For Central Government Employees : দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ