Local, Vocal, Global

Om Birla elected Speaker of 18th Lok Sabha, second time in a row : লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হ’ল বিজেপি সাংসদ ওম বিৰলা

নিউজ ডেস্ক,২৬জুন : লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হ’ল বিজেপি সাংসদ ওম বিৰলা। দ্বিতীয়বাৰৰ বাবে পুনৰ লোকসভাৰ অধ্যক্ষ আসনত অধিষ্ঠিত হল ওম বিৰলা। লোকসভাৰ প্ৰটেম স্পিকাৰে ঘোষণা কৰে ওম বিৰলাৰ নাম(Om Birla elected Speaker of 18th Lok Sabha, second time in a row)।

ওম বিৰলা লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জনাই ।ৰাহুল গান্ধীয়েও শুভেচ্ছা জনালে ওম বিৰলাক। ওম বিৰলাক অভিনন্দন আৰু তাৰ পাছত প্ৰধানমন্ত্ৰী-ৰাহুল গান্ধীৰ কৰমৰ্দন সংসদৰ মজিয়াত। দুয়ো একেলগে লোকসভাৰ অধ্যক্ষৰ আসনলৈ আদৰি নিলে নৱনিৰ্বাচিত অধ্যক্ষগৰাকীক(Om Birla wins first election for Lok Sabha Speaker’s post in about five decades)।

উল্লেখ্য যে, সদনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন। এন ডি এই উপাধ্যক্ষ পদটো বিৰোধীক এৰি নিদিয়াৰ সিদ্ধান্ত লোৱাৰ পাছতে লোকসভাৰ অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল ইণ্ডিয়া মৰ্চাই। এন ডি এৰ লোকসভা অধ্যক্ষ পদৰ প্ৰাৰ্থী ওম বিৰলাৰ বিৰুদ্ধে ইণ্ডিয়া মৰ্চাই থিয় কৰাইছিল ৮বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা অভিজ্ঞ সাংসদ কে সুৰেশক।