Old Saraighat Bridge temporarily closed for repairs : দুদিনৰ বাবে বন্ধ পুৰণি শৰাইঘাট দলং
নিউজ ডেস্ক,১৩জুলাই : সাময়িকভাৱে বন্ধ কৰি দিয়া হ’ল পুৰণি শৰাইঘাট দলং। শনিবাৰৰ দিনৰ ১১বজাৰ পৰা বন্ধ কৰি দিয়া হ’ল পুৰণি শৰাইঘাট দলং ।
ৰে’ল বিভাগে দুদিনৰ বাবে দলংখনেৰে যান-বাহনৰ চলাচল বন্ধ কৰি দিলে(Old Saraighat Bridge temporarily closed for repairs) ।
জানিব পৰা মতে, দলংখনৰ কেইবাটাও স্থানত প্ৰকাণ্ড ফাট মেলিছে। যাৰ ফলত যান-বাহনৰ চলাচলত বহু অসুবিধাৰ সৃষ্টি হৈছিল। দলংখনৰ প্ৰকাণ্ড ফাট মেলাৰ বাবে দলংখনৰ মেৰামতি কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰে’ল বিভাগে।
দুদিনৰ ভিতৰত মেৰামতি শেষ কৰাৰ টাৰ্গেট বিভাগীয় কৰ্তৃপক্ষৰ। দুদিন ধৰি নতুন শৰাইঘাটেৰে অহা-যোৱা কৰিব লাগিব বাহনসমূহ। অৱশ্যে এই সিদ্ধান্তৰ বাবে যথেষ্ট যানযঁটৰ সৃষ্টি হৈছে অঞ্চলটোত। জালুবাৰীৰ পৰা আমিনগাঁও পৰ্যন্ত যান-যঁটৰ সৃষ্টি হৈছে।
লগতে পঢ়ক : Man falls to death in pursuit of photograph : বৰ্তমানেও সন্ধানহীন আতিজেশ হাজৰিকা