Old man Killed on Suspicion of Being Witchcraft : ডাইনী সন্দেহত নৃশংসভাৱে হত্যা বৃদ্ধাক
নিউজ ডেস্ক,২৩ছেপ্তেম্বৰ : মানুহে এফালে উন্নতিৰ দিশত আগবাঢ়িছে যদিও সমাজ এতিয়াও অন্ধবিশ্বাসৰ পৰা যেন মুক্ত হ’ব পৰা নাই। অন্ধবিশ্বাসৰ ফলত বহু অমানৱীয় ঘটনা সংঘটিত হোৱাৰ খবৰে এতিয়াও মানুহৰ মানসিকতা যেন বহু পিছ পৰি আছে তাকেই প্ৰতিফলন কৰে।
বিভিন্ন সময়ত অন্ধবিশ্বাসৰ বলী হৈ বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়াও হৈছে। ইয়াৰে ভিতৰত ডাইনী হত্যা এক অতি চিন্তনীয় বিষয় হৈ পৰিছে। ২১ শতিকাতো ডাইনীৰ সন্দেহত কোনো মহিলাক সমাজ এখনে অতি নিৰ্মমভাৱে হত্যা কৰাৰ দৰে ঘটনা ঘটি থকা দেখিবলৈ পোৱা যায়। কিন্তু ইয়াৰ বিৰুদ্ধে দেশৰ আইন ব্যৱস্থা কঠোৰ হৈছে।
বিজ্ঞান যুগৰ এই সময়তে মাজবাটত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। আধুনিকতাৰ এই একবিংশ শতিকাতো মানুহে অন্ধবিশ্বাসৰ বলি হৈ কিমান বৰ্বৰ হ’ব পাৰে তাৰেই এক নিদৰ্শন দাঙি ধৰিলে গোসাঁইগাঁৱৰ এক হত্যাকাণ্ডই(Old man Killed on Suspicion of Being Witchcraft)।
ডাইনী সন্দেহত নৃশংসভাৱে হত্যা বৃদ্ধাক ।
গোসাঁইগাঁৱত ডাইনী সন্দেহত হত্যা কৰে এগৰাকী বৃদ্ধাক । চিৰুঘুটু-বালিমাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনাটো ।
জানিব পৰা মতে, ডাইনী সন্দেহত বাগৰে হেমব্ৰমক হত্যা কৰে গণেশ হেমব্ৰমে। সম্বন্ধত বাগৰে হেমব্ৰমৰ সম্পৰ্কীয় ভতিজাক গণেশ। বৰ্তমানো পলাতক হত্যাকাৰী গণেশ হেমব্ৰম।
লগতে পঢ়ক : Road accident in Guwahati : হাতীগাঁৱত শোকাৱহ দুৰ্ঘটনা;নিহত বাইক আৰোহী