Oil thief mastermind arrested: দুলীয়াজানত সংঘটিত অইল ইণ্ডিয়া লিমিটেডৰ খাৰুৱা তেলচুৰি চক্ৰৰ সৈতে জড়িত এজনক আটক

নিউজ ডেস্ক,৬ফেব্ৰুৱাৰী: উজনিত অব্যাহত আছে তেলচুৰিৰ ঘটনা । আৰক্ষীয়ে দিনে নিশাই অভিযান চলাই আছে যদিও তাৰে মাজতে একাংশ দুষ্ট চক্ৰই বৰ্তমানেও কৰি আছে তেলচুৰি। বিশেষকৈ অইল ইণ্ডিয়া লিমিটেডৰ তেল পৰিবাহী পাইপৰ পৰা একাংশ দুষ্ট চক্ৰই কৌশলৰে তেল চুৰি কৰি আহিছে(Oil thief mastermind arrested)।
উজনি অসমত তেলচুৰিৰ ঘটনা অব্যাহত থকাৰ মাজতে আৰক্ষীৰ জালত পৰিছে উজনিৰ কুখ্যাত তেলচুৰি চক্ৰৰ মাষ্টাৰমাইণ্ড । দুলীয়াজানত সংঘটিত অইল ইণ্ডিয়া লিমিটেডৰ খাৰুৱা তেলচুৰি চক্ৰৰ সৈতে জড়িত এজনক আটক বুধবাৰে। দুলীয়াজান আৰক্ষীয়ে তিনিচুকীয়া ৰে’লৱে ষ্টেচনৰ পৰা আটক কৰে লোকজন। আটকাধীন লোকজন নিৰঞ্জন হাজৰিকা।
ধৃত নিৰঞ্জন হাজৰিকাৰ ঘৰ দুলীয়াজানৰ ভাদৈ পাঁচআলিৰ ১ নং কেৰেকনি গাঁৱত বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, যোৱা ৩১ জানুৱাৰীত দুলীয়াজান আৰক্ষী আৰু অইল নিৰাপত্তাৰক্ষীৰ যুটীয়া অভিযানত পোহৰলৈ আহিছিল তেলচুৰি চক্ৰই দুলীয়াজান-ডিগবৈ সংযোগী খাৰুৱা তেল পৰিবাহী পাইপত ভালভ স্থাপন কৰি টেংকাৰযোগে খাৰুৱা তেলচুৰি কাৰ্য সংঘটিত কৰাৰ ঘটনা। এই সমগ্ৰ চুৰি চক্ৰটোৰ সৈতে জড়িত আছিল ধৃত নিৰঞ্জন হাজৰিকা ।
চোৰাং খাৰুৱা তেলৰ ডিপোটো আৰক্ষীয়ে উৎখাত কৰাৰ পিছৰে পৰাই উজনিৰ কুখ্যাত তেলচোৰ ধৃত নিৰঞ্জন হাজৰিকাই অৰুণাচলত আত্মগোপন কৰি ডিমাপুৰলৈ ৰে’লযোগে পলাবলৈ তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উপস্থিত হওঁতেই দুলীয়াজান আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক:Gauripur Youth goes missing: মুম্বাইলৈ কাম কৰিবলৈ গৈ নিৰুদ্দেশ ধুবুৰী জিলাৰ গৌৰীপুৰৰ যুৱক