Local, Vocal, Global

Oil Thief: উজনিত খাৰুৱা তেলচোৰৰ দৌৰাত্ম্য; তিনিচুকীয়াত বাহনসহ জব্দ খাৰুৱা তেলৰ ড্ৰাম

ডুমডুমা,৬ফেব্ৰুৱাৰী: অব্যাহত তিনিচুকীয়াত খাৰুৱা তেলৰ চোৰাং বেহা(Oil Thief)।

তিনিচুকীয়া জিলাৰ লাংকাছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি শৰ্মাৰ নেতৃত্বত চলোৱা অভিযানত দলটোৱে খেদি খেদি আটক কৰিবলৈ সক্ষম হয় ক্ৰুড অইলসহ দুজনক । এখন AS02 CC7389 নম্বৰৰ টাটা য়ুদ্ধা বাহনত গঁড় বস্তিৰ মাজমজিয়াত ১২ টাকৈ ড্ৰামত ২৪০০ শ লিটাৰ ক্ৰুড অইল জব্দ কৰে আৰক্ষীয়ে।

উক্ত ক্ৰুড অইলখিনি মাকুম ধুলিজান গাঁৱৰ পৰা সৰবৰাহ কৰি লৈ গৈছিল। আটকাধীন ধৃত যুৱক দুজন মাকুম বাৰেকুৰীৰ ক্ৰমে প্ৰণৱ গোঁহাই আৰু অমৰজ্যোতি নেওগ বুলি আৰক্ষীৰ তথ্যত প্ৰকাশ পাইছে।

লগতে পঢ়ক :Bangladesh Violence:পুনৰ উত্তপ্ত হৈ উঠিছে বাংলাদেশৰ পৰিস্থিতি;শ্বেখ মজিবুৰ ৰহমানৰ স্মৃতি বিজড়িত বাসগৃহত চলিল ক্ষুব্ধ জনতাৰ আক্ৰমণ