Oil theft racket busted in Jorhat; 6 detained :যোৰহাট আৰক্ষীৰ জালত তেল চুৰিৰ চক্ৰৰ লগত জড়িত ৬জন

নিউজ ডেস্ক,১৯অক্টোবৰ : যোৰহাট আৰক্ষীৰ জালত তেল চুৰিৰ চক্ৰৰ লগত জড়িত ৬জনক। আটকাধীন লোককেইজনৰ পৰা জব্দ কৰে পিষ্টলসহ বহু যন্ত্ৰপাতি।
জানিব পৰা মতে,শুক্ৰবাৰে নিশা জিলা উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই তেল চুৰি কৰিবলৈ চেষ্টা চলাই থকাৰ সময়তেই পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত পুৰণি মাটি এলেকাৰ পৰা ৬জন লোকক আটক কৰে । ধৃত অভিযুক্তকেইজন তিনিচুকীয়াৰ প্ৰণৱ বৰুৱা, ভুৱন মৰাণ, দুলীয়াজানৰ বিকি বৰশইকীয়া, খ্যাতি শইকীয়া,যোৰহাটৰ জিতুল দাস আৰু পৰাগ বৰা বুলি চিনাক্ত কৰা হৈছে(Oil theft racket busted in Jorhat; 6 detained)।
আৰক্ষীয়ে এই চক্ৰটোৰ পৰা তেল চুৰি কাৰ্যত ব্যৱহাৰ কৰা বিভিন্ন সা-সজুলি আৰু এটা অনুজ্ঞাপত্ৰ থকা পিষ্টল আৰু AS 06 AE 4564 নম্বৰৰ এখন গাড়ীও জব্দ কৰিছে । আনহাতে, আটকাধীন কেইজনৰ ভিতৰত দুজনৰ নামত ২০২২ৰ পাইপ লাইনৰ গোচৰ ৰুজু হৈ আছে বুলিও যোৰহাট জিলা উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰিছে।