অইল ইণ্ডিয়া দুলীয়াজানত OILৰ মূল্যবান সামগ্ৰী চুৰি
নিউজ ডেস্ক, ১ জুন: দীৰ্ঘদিন ধৰি অইল ইণ্ডিয়া দুলীয়াজানত হৈ থকা চুৰি কাৰ্যৰ ওপৰত OILৰ নিৰাপত্তাৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল। আৰু নিৰাপত্তা বিভাগৰ তদন্তত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য।
ঠিকাদাৰ হৰপাল সিংএ বিষয়াৰ চহী জাল কৰি লাখ টকাৰ সামগ্ৰী বহি ৰাজ্যলৈ চালান দিয়াৰ অভিযোগ OILৰ নিৰাপত্তাৰক্ষীৰ। তিনিখন ঠেলাৰে সামগ্ৰী নিয়াৰ অভিযোগ ঠিকাদাৰ হৰপাল সিংৰ বিৰুদ্ধে।
নিৰাপত্তাৰক্ষী বিষয়াৰ ভাষ্য অনুসৰি ঠিকাদাৰ হৰপাল সিংএ বিষয়াৰ চহী জাল কৰি অইলৰ সামগ্ৰী আনিছিল আৰু গাড়ীৰ পৰা তিনিখন ঠেলাত সামগ্ৰীখিনি আনি অইলৰ কাৰ্য্যালয়ৰ পৰিৱৰ্তে ষ্টেচনলৈ লৈ গৈছিল।
সম্প্ৰতি ঠিকাদাৰ হৰপাল সিংৰ বিৰুদ্ধে OILৰ নিৰাপত্তা বিভাগে দুলীয়াজান আৰক্ষী থানাত এহাজাৰ দাখিল কৰিছে। আৰু বৰ্তমান পলাতক অৱস্থাত আছে হৰপাল সিং।
আৰক্ষীয়ে হৰপাল সিংক গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে।