Local, Vocal, Global

Watch | Oil India Limited’s exposed pipelines are causing danger to the public: বাঘজান কাণ্ডৰ পৰাও শিক্ষা নল’লে অইল কৰ্তৃপক্ষই

গুৱাহাটী: অইল ইণ্ডিয়া লিমিটেডৰ উন্মুক্ত পাইপ লাইনে বিপদ মাতিছে জনসাধাৰণৰ। বাঘজান কাণ্ডৰ পৰাও শিক্ষা নল’লে অইল কৰ্তৃপক্ষই মাকুম বাইপাছৰ সমীপৰ বৰপথাৰত সংঘটিত হৈছে এই ঘটনা।অইল ইণ্ডিয়া লিমিটেডৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই বাৰে বাৰে সংঘটিত হ’য় এনে ঘটনা।ফিৰিঙতিৰ পৰাই খাণ্ডৱদাহ দাহ হোৱাৰ সম্ভাৱনাৰে এতিয়া শংকিত হৈ পৰিছে মাকুমবাসী।ইতিমধ্যে ঘটনাস্থলীত অইলৰ নিৰাপত্তাৰক্ষী, বিষয়া উপস্থিত হৈ তেল নিৰ্গমন বন্ধ কৰিবলৈ চেষ্টা কৰিছে।অইল এইসমূহ উন্মুক্ত পাইপ লাইনে হ’য়টো কেতিয়াবা বিপদ আনিব পাৰে জনসাধাৰণৰ। বাঘজানৰ সংঘটিত হোৱা দুৰ্ঘটনাৰ পিছতো কিয় শিক্ষা লোৱা নাই অইল কতৃপক্ষই।বাৰে বাৰে বিভিন্ন ঠাইত এনেদৰে কিয় পাইল সমূহ ফুটি শংকিত কৰি তোলে সৰ্বাসাধাৰণক।