Local, Vocal, Global

টেঙাখাট তৈলক্ষেত্ৰত অঘটন কৰ্মৰত অৱস্থাত OILৰ কৰ্মচাৰীৰ মৃত্যু

নিউজ ডেস্ক, ৯ জুন : OILৰ টেঙাখাতস্থিত কঠালনি GCSত কৰ্মৰত অৱস্থাত এগৰাকী কৰ্মচাৰী নিহত হোৱাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখ্যযোগ্য যে কৰ্মস্থলীৰ শৌচাগাৰত পৰি গুৰুতৰভাৱে আহত হৈছিল OILৰ কৰ্মচাৰী বিকাশ গগৈ। সহকৰ্মীসকলে লগে লগে কৰ্মচাৰী গৰাকীক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

নিহত কৰ্মচাৰী বিকাশ গগৈ দুলীয়াজানৰ অইল আৱাসিক অঞ্চলৰ ‘A’ টাইপ ৩৫৭ আবাসগৃহৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে।

কৰ্মচাৰীগৰাকীৰ মৃত্যুৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব প্ৰকৃত কাৰণ।