Nurse’s Mysterious Death Shocks Nagaon : নগাঁৱৰ নাৰ্ছ হোষ্টেলৰ কোঠাত ৰহস্যজনকভাৱে উদ্ধাৰ নাৰ্ছৰ নিথৰ দেহ
নিউজ ডেস্ক,১৩জুন : নগাঁৱৰ এখন নাৰ্ছিংহ’মত চাঞ্চল্যকৰ ঘটনা। নগাঁৱৰ নাৰ্ছ হোষ্টেলৰ কোঠাত ৰহস্যজনকভাৱে উদ্ধাৰ নাৰ্ছৰ নিথৰ দেহ।
বুধবাৰে বৰবজাৰ এলেকাত থকা ডিবিএম (DBM) নামৰ নাৰ্ছিং হ’ম খনৰ হোষ্টেলত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ।
এই ঘটনা পোহৰলৈ অহাৰ লগে লগে প্ৰতিষ্ঠান খনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। মৃতদেহ উদ্ধাৰ হোৱা নাৰ্ছ গৰাকী পুৰৱী বৰা বুলি চিনাক্ত কৰা হৈছে। পুৰবীৰ ঘৰ পুৰণিগুদামত। নাৰ্ছিং হ’মখনত কৰ্মৰত নাৰ্ছ গৰাকীয়ে আত্মহত্যা কৰিছে বুলি নাৰ্ছিংহ’ম খনৰ কৰ্তৃপক্ষ আৰু সহকৰ্মী সকলে সন্দেহ প্ৰকাশ কৰিছে(Nurse’s Mysterious Death Shocks Nagaon )।
সহকৰ্মী সকলে জনোৱা অনুসৰি বুধবাৰে পুৱা হোষ্টেলৰ একেটা কোঠাত থকা সহকৰ্মীৰ সৈতে প্ৰাত:ভ্ৰমণলৈ গৈছিল পুৰবী বৰা।কিন্তু ৰহস্যজনক ভাবি আজি দুপৰীয়া হোষ্টেলৰ কোঠাত নাৰ্ছ গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।
আজি বহু দেৰিলৈকে কৰ্তব্যলৈ নহাত সহকৰ্মী কোঠালৈ গৈ প্ৰত্যক্ষ কৰে যে নাৰ্ছ গৰাকী সংজ্ঞাহীন ভাবে বিছনাত পৰি আছে। এই খবৰ পোৱাৰ লগে লগে নাৰ্ছিংহ’মৰ চিকিৎসক আদি কোঠাটোলৈ আহে।তেওঁলোকে জানিব পাৰে যে ইতিমধ্যে নাৰ্ছ গৰাকীৰ মৃত্যু হৈছে।
এই সম্পৰ্কে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহৰ কাষত বেজি দিয়া চিৰিঞ্জ আৰু আন সামগ্ৰী উদ্ধাৰ কৰা পাছত নাৰ্ছ গৰাকীয়ে অত্যাধিক নিচাযুক্ত ঔষধ বা বিষ সেৱন কৰিব পাৰে বুলি সন্দেহৰ সৃষ্টি হৈছে।
অৱশ্যে বৰ্তমানলৈ ঘটনা সন্দৰ্ভত কোনো ধৰণৰ তথ্য ফোহৰলৈ অহা নাই । আৰক্ষীৰ তদন্ত অন্যত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা । নাৰ্ছ গৰাকীয়ে প্ৰেমজনিত কাৰণত আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে সহকৰ্মী সকলে।
লগতে পঢ়ক : Girl Stripped and Humiliated by Family Over Alleged Love Affair in Assam : মহিলাক চুলি কাটি নিৰ্মম শাস্তি একাংশ লোকৰ