Local, Vocal, Global

WATCH | Numal Momin : বিধানসভাৰ মজিয়াৰ পৰাই কচম খালে নৰুল হুদাই

নিউজ ডেস্ক,২৫মাৰ্চ : বিধান সভাৰ উপাধ্যক্ষ ডাঃ মমিনক হেনো প্ৰহাৰ কৰিলে। প্ৰহাৰ কৰাৰ অভিযোগ ৰূপহীৰ কংগ্ৰেছ বিধায়ক নৰুল হুদাৰ বিৰুদ্ধে।

ডাঃ নোমল মমিনক প্ৰহাৰ কৰা ৬ ছেকেণ্ডৰ এটা ভিডিও ৰাজহুৱা ইতিমধ্যে ৰাজহুৱা হৈছে। উপাধ্যক্ষ ডাঃ মমিনক প্ৰহাৰ কৰাৰ পাছতেই উপাধ্যক্ষ গৰাকীয়ে প্ৰৱেশ কৰিছিল সদনত। সদনত বহিয়ে দেখা পালে ডাঃ মমিনৰ হাতৰ পৰা তেজ ওলাইছে। লগে লগেই বিধানসভাৰ ফাৰ্মাচীত গৈ কি কি দৰৱ খালে সেইয়াও কলে। প্ৰথমে উপাধ্যক্ষ নোমল মমিনৰ কথখিনি শুনক।

বিষনাশক টেবলেট খোৱাকৈ আঘাত পোৱা উপাধ্যক্ষ গৰাকীয়ে এইবাৰ এই দৃশ্যটো মন কৰক। হাত জোকাৰী জোকাৰী ডাঃ মমিনে ঘটনাৰ কথাবোৰ কৈ গৈছে । কথাবোৰ কৈ থকাৰ সময়তেই বিধায়ক নৰুল হুদাৰ কিবা এটা কব বিচাৰিছে। কিন্তু অধ্যক্ষই বাধা দিছে । বাধা দিয়াৰ পাছতো নৰুল হুদাই নিজৰ কথাখিনি কৈ গৈছে(Numal Momin)।

বিধানসভাৰ মজিয়াৰ পৰাই কচম খালে নৰুল হুদাই।

এনেবোৰ কথা চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰীৰ মন্তব্য। জাতি ধৰ্মৰ নামত ৰাজনীতি নকৰাৰ সংবিধানৰ নামৰ শপথ লোৱা মুখ্যমন্ত্ৰীয়ে সদনত এজন জনজাতীয় জনপ্ৰতিনিধিক লক্ষ্য কৰি আক্ৰমণ কৰা বুলি মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছকো সদনত সমালোচনাৰ লক্ষ্য কৰি ল’লে , “চাহ জনজাতীয় লোক, জনজাতীয় লোক এইসকলক টাৰ্গেট কৰাৰ এটা ছিষ্টেম তেওঁলোকে বনাই লৈছে…যিবিলাক মানুহে আমাৰ ট্ৰাইবেল মানুহৰ গাত হাত তুলিছে, এই বিলাক কথাৰ পিছফালে যদি আমি যাও তেতিয়া ঘটনাটো এটা ডাঙৰ কথা হ’বগৈ ।

ইতিমধ্যে ডাঃ নোমল মমিনে দিছপুৰ থানাত ঘটনা এজাহাৰ দাখিল কৰাৰ কথাও কৈছে। কোন সঁচা,কোন মিছাঘটনাৰ আৰত আৰু কিবা আছে নেকি সেইয়াও সময়ত ওলাই পৰিব ।

৬ ছেকেণ্ডৰ ৰাজহুৱা হোৱা ভিডিওটো আৰু এবাৰ চাওক। ভিডিওটো চাই কি বুজিলে কমেন্টত জনাওক।

লগতে পঢ়ক : WATCH | Assam Assembly : সদনত প্ৰৱেশ কৰাৰ আগতেই AIUDF বিধায়কৰ ভয়;বাহেৰে নিৰ্মিত জেওৰা লৈ আহিল সদনত