Local, Vocal, Global

Nuh Violence: শান্ত হোৱা নাই হাৰিয়ানা; অব্যাহত আছে অবৈধ নিৰ্মাণৰ বিৰুদ্ধে ধ্বংসৰ অভিযান

নেশ্যনেল ডেস্ক, ৬আগষ্ট : শান্ত হোৱা নাই হাৰিয়ানা ।অব্যাহত আছে হাৰিয়ানাৰ হিংসাত্মক জুই(Nuh Violence)। হাৰিয়ানাৰ নুহত সংঘটি হোৱা হিংসাত্মক ঘটনাৰ পাছতে অব্যাহত আছে অবৈধ নিৰ্মাণৰ বিৰুদ্ধে ধ্বংসৰ অভিযান। ৰাজ্যখনৰ দুটা সম্প্ৰদায়ৰ মাজত সৃষ্টি হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ মাজতেই দেওবাৰে পুনৰ চতুৰ্থবাৰৰ বাবে নুহত জিলা প্ৰশাসনে চাহাৰা হোটেল ধ্বংসৰ বাবে প্ৰস্তুতি কৰিছে(Nuh Hotel From Where Stones Were Thrown At Religious Procession Demolished)।

বিষয়াসকলৰ মতে, সোমবাৰৰ পৰাই ছাহাৰা হোটেলৰ ছাদৰ পৰা ধৰ্মীয় শোভাযাত্ৰাত একাংশ লোকে শিলগুটি নিক্ষেপ কৰাৰ পিছতে নুহত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। শোভাযাত্ৰাটোক শিলগুটিৰে আক্ৰমণ কৰাৰ লগে লগে ২৫০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে আশ্ৰয় ল’বলৈ এটা মন্দিৰত লৰালৰিকৈ সোমাই পৰে।

শনিবাৰে চিকিৎসাৰ দোকানকে ধৰি প্ৰায় এক ডজন দোকান ভাঙি পেলোৱা হৈছিল। হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত নুহৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত থকা টাউৰুত বাস কৰা প্ৰব্ৰজনকাৰীৰ শ্বাণ্টীসমূহ চলিত সপ্তাহৰ আৰম্ভণিতে চৰকাৰী মাটি বেদখল কৰাৰ বাবে ভাঙি পেলোৱা হৈছিল।

এই পৰ্যন্ত বিভিন্ন অঞ্চলৰ ৫০ৰ পৰা ৬০টা কাঠামো ভাঙি পেলোৱা হৈছে। গ্ৰেপ্তাৰৰ আশংকাত বহু লোক পলায়ন কৰিছে। তিনিদিন ধৰি নুহৰ বিভিন্ন ঠাইত বুলডজাৰৰ একচন চলি আছে।

এক সূত্ৰই দাবী কৰা অনুসৰি, সাম্প্ৰদায়িক সংঘৰ্ষত দুজন গৃহৰক্ষী আৰু এজন ধৰ্মগুৰুকে ধৰি ছয়জন লোকৰ মৃত্যু হয় । সোমবাৰে বিশ্ব হিন্দু পৰিষদৰ শোভাযাত্ৰাত জনসাধাৰণৰ আক্ৰমণৰ ফলত নুহত বিস্ফোৰণ ঘটিছিল। সন্ধিয়া হোৱাৰ লগে লগে হিংসাত্মক পৰিস্থিতি আৰু অধিক তীব্ৰতৰ হৈ পৰিছিল । হিংসাত্মক ঘটনা সংঘটিত হৈ থকাৰ মাজতে মাজনিশাৰ এটা মছজিদ জ্বলাই দিয়া হয়। নুহ আৰু চুবুৰীয়া গুৰুগ্ৰামত জনসমাগমৰ সৃষ্টি হোৱাৰ লগে লগে এশৰো অধিক বাহন জ্বলাই দিয়া হয় আৰু ভাঙি পেলোৱা হয়(Nuh Hotel Where Stones Were Pelted From At Religious Procession Demolished)।

হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল বিজে এই হিংসাৰ আঁৰত “এটা ডাঙৰ গেম প্লেন”ৰ অভিযোগ উত্থাপন কৰিছে যদিও চোৰাংচোৱা বিফলতাৰ অভিযোগত বিৰোধীৰ দাবীকো নাকচ কৰিছে। অৱশ্যে নুহৰ আৰক্ষী অধীক্ষকে কয় যে তেওঁলোকে এতিয়ালৈকে এই সংঘৰ্ষৰ আঁৰৰ কোনো মাষ্টাৰমাইণ্ড আছে এতিয়ালৈকে কোনো তথ্য পোৱা নাই।

উল্লেখ্য যে শনিবাৰে জিলা প্ৰশাসনে ঔষধৰ দোকানকে ধৰি প্ৰায় ১২খনকৈ বিপনী ধ্বংস কৰিছিল । ইফালে ইয়াৰ পূৰ্বেও নুহৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰৰ টাউৰুত বাস কৰা প্ৰব্ৰজনকাৰীসকলে চৰকাৰী ভূমি বেদখল কৰি বাসগৃহ নিৰ্মাণ কৰা ওপৰত বুলড’জাৰ চলাইছিল।

ইপিনে হিংসাত্মক ঘটনাৰ লগতে জড়িত থকাৰ অপৰাধত আটক কৰা হৈছে বহুকেইজন লোকক।

লগতে পঢ়ক :Manipur violence: অব্যাহত আছে মণিপুৰৰ হিংসাত্মক ঘটনা