বটদ্ৰৱাত ড্ৰাগছসহ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক আটক

নিউজ ডেস্ক, ১২ মাৰ্চঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষীয়েও অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী সফল অভিযান।
শনিবাৰে বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত আমলখিত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। লগতে আজমল হুছেইন নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়।
ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা আৰক্ষীয়ে ১৩.২০ গ্ৰাম ড্ৰাগছৰ লগতে বহুকেইটা কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, বটদ্ৰৱা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈৰ যোগদানৰ পিছতেই কেইবাজনো কুখ্যাত ড্ৰাগছ মাফিয়াক কৰায়ত্ব কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হয়