Local, Vocal, Global

Notorious Criminal Killed in Police Firing : দেৰগাঁৱত আৰক্ষীৰ গুলীত নিহত গভাইত চোৰ

নিউজ ডেস্ক, ১১ডিচেম্বৰ : ৰাজ্যত পুনৰ এনকাউন্টাৰ ঘটনা । ৰাজ্যত প্ৰায় ইটোৰ পিছত সিটো এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈ আহিছে। অপৰাধৰ লগত জড়িত বিভিন্ন অপৰাধীক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰি আহিছে(Encounter in Dergaon) ।

এইবাৰ গোলাঘাট জিলাৰ দেৰগাঁৱত এনকাউন্টাৰ। দেৰগাওঁ গভাইত চোৰক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা । আৰক্ষীৰ গুলীত নিহত গভাইত চোৰ লাগান চাহানী।

জানিব পৰা মতে,বহু অপৰাধৰ লগত জড়িত আছিল লাগান চাহানী । বিগত কেইবাদিন ধৰি দেৰগাঁৱত ধাৰাবাহিক চুৰিকাণ্ড সংঘটিত হৈ আহিছিল(Notorious Criminal Killed in Police Firing)।

দেওবাৰে দিনৰ ভাগত লাগান চাহানী নামৰ গভাইত চোৰটো আৰক্ষীৰ জালত পৰে। বহু অপৰাধৰ লগত জড়িত লাগান চাহানীক আৰক্ষীয়ে নিশাই লগত লৈ অভিযান চলাই । অভিযানৰ সময়তে সুযোগ বুজি আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰে লাগান চাহানী । ইয়াৰ পাছতে আৰক্ষীয়ে লাগানক ৰাখিবলৈ গুলীচালনা কৰে(Notorious Criminal Killed in Police Firing in Dergaon) ।

আৰক্ষীৰ পৰা জানিব পৰা মতে, চুৰি সামগ্ৰীৰ পৰা পিষ্টল উলিয়াই লাগানে আৰক্ষীলৈ বুলি গুলীচালনা কৰে। ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে লাগানলৈ লক্ষ্য কৰি গুলীচালনা কৰে। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হোৱা লাগানক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত্যু হোৱা বুলি ঘোষণা কৰে।

উল্লেখ্য যে, চুৰি সামগ্ৰী উদ্ধাৰ অভিযানত আৰক্ষীয়ে ৭.৬৫mm পিষ্টল, এটা মেগজিন আৰু দুই জাঁই গুলীসহ নগদ ৫০ লাখ টকা উদ্ধাৰ কৰে। ইয়াৰোপৰিও, আৰক্ষীয়ে এখন মটৰ চাইকেলো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক : Vishnu Deo Sai to become new Chhattisgarh CM :অন্ত পৰিল জল্পনা কল্পনাৰ; ঘোষণা হ’ল ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ না