Local, Vocal, Global

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পুলক গগৈৰ দেহাৱসান

ডিজিটেল ডেস্কঃ চিত্ৰশিল্পী নীল পৱন বৰুৱা তথা বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ পিছত এইবাৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পুলক গগৈৰ দেহাৱসান। আজি পুৱা চলচিত্ৰ পৰিচালক গৰাকীয়ে নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।

দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল চিত্ৰশিল্পী গৰাকী । উল্লেখ্য যে,১৯৩৮ চনত জন্মগ্ৰহণ কৰা গগৈয়ে কেইবাখনো অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰি অসমীয়া চলচ্চিত্ৰৰ জগতখন সমৃদ্ধ কৰি গৈছে।

খোজ,শ্ৰীমতী মহিমাময়ী,সূৰুয, সেন্দুৰ, মমতাজ, সদৰী, পত্নী, মৰম নদীৰ গাভৰু ঘাট আদি বহু জনপ্ৰিয় অসমীয়া ছৱিৰ পৰিচালক পুলক গগৈৰ দেহাৱসান সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি।

১৯৩৮ চনত যোৰহাটত জন্ম গ্ৰহণ কৰা সোমেশ্বৰ গগৈৰ পুত্ৰ পুলক গগৈয়ে ‘অসমবাণী’ কাকতত কাৰ্টুনিষ্ট হিচাপে কৰ্মময় জীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত ‘দৈনিক অসম’ কাকতৰো সাংবাদিক কাৰ্টুনিষ্ট হিচাপে সেৱা আগবঢ়ায়।

১৯৭৪ চনত তেওঁ ‘খোজ’নামৰ ছবিখনৰ প্ৰযোজক পৰিচালক হিচাপে চলচ্চিত্ৰ নিৰ্মাণৰ যাত্ৰা আৰম্ভ কৰে ।তাৰ পিছৰে পৰা এখনৰ পাছত আন এখন ছবি নিৰ্মাণ কৰি তেওঁ ব্যৱসায়িক সফলতা লাভ কৰাৰ লগতে সমালোচকৰো পছন্দৰ পৰিচালক হৈ পৰে তথা বহু সন্মান লাভ কৰিবলৈ সক্ষম হয় ।