Local, Vocal, Global

Bihar Train Accident : পুনৰ দেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা,নৰ্থ ইষ্ট এক্সপ্ৰেছৰ কেইবাটাও ডবা লাইনচ্যুত

নেশ্যনেল ডেস্ক , ১২অক্টোবৰ : পুনৰ দেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। বিহাৰৰ ৰঘুনাথপুৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । বুধবাৰে নিশা প্ৰায় ৯-৩৫ বজাত গুৱাহাটী অভিমুখী ১২৫০৬ নম্বৰ নৰ্থ-ইষ্ট এক্সপ্ৰেছ নামৰ ৰে’লখন দুৰ্ঘটনাত পতিত হয়। নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লৰ ২১টা ডবা ৰেলপথৰ পৰা ওলাই যায় ফলত প্ৰায় চাৰিজনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক আহত হয়(Bihar Train Accident)।

জানিব পৰা মতে ৰে’লখনত অধিকাংশই অসমৰ যাত্ৰী আছিল । কামাখ্যা জংচনত ৫২২ গৰাকীকৈ যাত্ৰী নামিব লগা আছিল।

অৱশ্যে এতিয়ালৈকে হতাহত সন্দৰ্ভত সঠিক তথ্য জানিব পৰা হোৱা নাই। এই দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ পাছতেই ঘটনাস্থলীলৈ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হয় ৷ ৰেলৱেৰ বিষয়াসকলো ঘটনাস্থলীত উপস্থিত হয় ৷

ইফালে ঘটনাস্থলীত চলি আছে উদ্ধাৰ অভিযান। ৰে’ল বিভাগে ইতিমধ্যে মুকলি কৰিছে সহায়ক নম্বৰ। নম্বৰ কেইটা হৈছে ৯৭৭১৪ ৪৯৯৭১,৮৯০৫৬ ৯৭৪৯৩। আনহাতে অসমৰ যাত্ৰীসকলৰ বাবেও বিশেষভাৱে মুকলি কৰা হৈছে সহায়ক নম্বৰ। নম্বৰটো হৈছে ০৩৬১ ২৬৭৪৮৫৭ এই নম্বৰযোগে যোগাযোগ কৰিব পাৰিব বুলি ৰে’ল বিভাগে জনাইছে।

এই দুৰ্ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী–প্ৰশাসন তথা SDMৰ দলে উদ্ধাৰ অভিযান চলায়। পাটনাস্থিত বিহাৰৰ সৰ্ববৃহৎ হাস্পতাল PMCHৰ লগতে পাটনাৰ কেইবাখনো হাস্পতালক এলাৰ্ট কৰা হয় আৰু চিকিৎসকসকলক কৰ্তব্যত উপস্থিত থকাৰো নিৰ্দেশ দিয়া হয়। পাটনাৰ পৰা ডজনৰো অধিক এম্বুলেঞ্চ ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ নিয়ে। ইতিমধ্যে গুৰুতৰভাৱে আহত শতাধিক লোকক পাটনাৰ হাস্পতালত, আৰাৰিয়া, AIIMSত ভৰ্তি কৰোৱা হৈছে( Northeast Express derails near Buxar 4 dead 60 injured)।

খবৰ অনুসৰি, পুৱতি নিশা দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীৰ উদ্ধাৰ অভিযান সম্পূৰ্ণ হয় । নিশাৰ পৰাই ৰে’ল মেৰামতিৰ কাম আৰম্ভ কৰা হৈছে। এই ৰে’ল দুৰ্ঘটনাত বৰ্তমানলৈ চাৰিজন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে।নিহত লোককেইজন ক্ৰমে ৩৩ বছৰীয়া উষা ভাণ্ডাৰী, ৮ বছৰীয়া আকৃতি ভাণ্ডাৰী, ২৭ বছৰীয়া আবু জেদ আৰু ৩২ বছৰীয়া নৰেন্দ্ৰৰ মৃত্যু হৈছে। আহত শতাধিক লোকক আৰাৰিয়া, AIIMSত ভৰ্তি কৰোৱা হৈছে।

আনহাতে, দুৰ্ঘটনাত উদ্ধাৰ কৰা যাত্ৰীসকলক ৰে’লেৰে পুৱতি নিশা ৪ বজাত কামাখ্যালৈ ৰে’লৱে ষ্টেচনলৈ ৰাওনা কৰা হৈছে।

ইফালে প্ৰশাসনে নিহতসকললৈ ১০ লাখ টকাৰ সাহায্য আৰু গুৰুতৰভাৱে আহতসকললৈ ২.৫লাখ টকাৰ সাহায্য আগবঢ়োৱাৰ লগতে সামান্য আহত হোৱা সকললৈ ৫০ হাজাৰ টকা সাহায্য আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰে।