Watch | North guwahati women football: হাজাৰ হাজাৰ ফুটবল প্ৰেমী দৰ্শকক মন্ত্ৰমুগ্ধ কৰিলে মহিলা ফুটবলাৰে
উত্তৰ গুৱাহাটী: অসমতো আছে মহিলা ফুটবলৰ যথেষ্ট সম্ভাৱনা। দুই ভৰিৰ যাদুৰে অসমৰ যুৱতীয়েও দেখুৱাব পাৰে ফুটবলৰ অপূৰ্ব কলা কৌশল। হাজাৰ হাজাৰ ফুটবল প্ৰেমী দৰ্শকক মন্ত্ৰমুগ্ধ কৰিব পাৰে মহিলা ফুটবলাৰে।
তেনে এক পৰিৱেশ দেখিবলৈ পোৱা গ’ল উত্তৰ গুৱাহাটীৰ ডেকাবাৰীত। উত্তৰ গুৱাহাটী “সৰু বাকা ইউথ ক্লাব”ৰ উদ্যোগত ডেকাবাৰী খেলপথাৰত অনুষ্ঠিত কৰা হৈছিল মহিলা ফুটবল প্ৰতিযোগিতা।
প্ৰতিযোগিতা খনত ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ মুঠ ৮ টা আগশাৰীৰ মহিলা ফুটবল দলে অংশগ্ৰহণ কৰে। চূড়ান্ত খেলত অংশগ্ৰহণ কৰে উত্তৰ গুৱাহাটীৰ “সৰু বাকা ইউথ ক্লাব” আৰু মেঘালয়ৰ উকিয়াম “KYRSHAR TEAM”।
তীব্ৰ উত্তেজনা পূৰ্ণ খেল খনত উত্তৰ গুৱাহাটীৰ “সৰু বাকা ইউথ ক্লাবে” মেঘালয়ৰ উকিয়াম “KYRSHAR TEAM”ক ২-১ গ’লত পৰাস্ত কৰে। বিজয়ী দলটোক ট্ৰফি লগতে নগদ ৫০ হাজাৰ টকা আৰু বিজিত দলটোক ২০ হাজাৰ টকাৰে পুৰস্কৃত কৰা হয়। দল দুটাৰ মাজত বঁটা বিতৰণ কৰে সমাজকৰ্মী চফিক আলী মিৰ্জাই ।