WATCH | North Guwahati News : STF ৰ আন এক বৃহৎ সফলতা
উত্তৰ গুৱাহাটী,১৯এপ্ৰিল : STF ৰ আন এক বৃহৎ সফলতা ।
কামৰূপৰ উপ-আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন ।
হেৰ’ইনখিনিৰ মূল্য প্ৰায় ৪ কোটি টকা ।
৪০ টা চাবোনৰ বাকচত উদ্ধাৰ ৫২০ গ্ৰাম হেৰ’ইন( North Guwahati News)।
এখন চুবুৰীয়া ৰাজ্যৰ পৰা অসমৰ বিভিন্ন অঞ্চললৈ সৰবৰাহৰ লক্ষ্যৰে অনা হৈছিল হেৰ’ইনখিনি ।
এক গোপন সূত্ৰৰ পম খেদি এখন AS 01 DA 9276 নম্বৰ হুণ্ডাই i20 বাহনৰ পৰা জব্দ কৰা হয় হেৰ’ইনখিনি ।
আৰক্ষীয়ে গাড়ীখনৰ চালক কাছাৰৰৰ নজৰুল হুছেইন ওৰফে আলি হুছেইনক গ্ৰেপ্তাৰ কৰিছে ।
আনহাতে AS 01 SC 5622 নম্বৰৰ ট্ৰাক খনৰ গোপন চেম্বাৰৰ পৰা উদ্ধাৰ কৰা হৈছে ২,৭০,০০০ টা YA BA টেবলেট ।
টেবলেট খিনিৰ বজাৰ মূল্য প্ৰায় ৭১ কোটি টকা ।
আৰক্ষীয়ে ট্ৰাক খনৰ ড্ৰাইভাৰ বজালীৰ নুৰ ইছলামক আটক কৰিছে ।
লগতে পঢ়ক : WATCH | Tea workers protest : চামগুৰিৰ আমলখিত চাহ শ্ৰমিকৰ প্ৰতিবাদ