WATCH | North Guwahati News : উত্তৰ গুৱাহাটীত BCCI ১৯ বছৰ অনুৰ্দ্ধ মহিলা ক্ৰিকেট খেলৰ ব্যাপক প্ৰস্তুতি
উত্তৰ গুৱাহাটী,৩মাৰ্চ : উত্তৰ গুৱাহাটী অসম ক্ৰিকেট সংন্থাৰ একাডেমী গ্ৰাউণ্ডত BCCI ১৯ বছৰ অনুৰ্দ্ধ মহিলা ক্ৰিকেট খেলৰ ব্যাপক প্ৰস্তুতি ।
অহা ১৭ মাৰ্চৰ পৰা উত্তৰ গুৱাহাটীত অনুষ্ঠিত হ’ব BCCIৰ ৭ খনকৈ ক্ৰিকেট খেল(North Guwahati News)।
উত্তৰ গুৱাহাটীৰ ফুলুং ডেকাবাৰীৰ ২০ বিঘা ভূমিত নতুনকৈ নিৰ্মাণ কৰা ক্ৰিকেট গ্ৰাউণ্ডত ইতিমধ্যে সাজু কৰা হৈছে ৫খনকৈ চেন্টাৰ পিটচ আৰু ১০খন পেকটিচ পিটচ ।
ইতিপূৰ্বে এখন অনুশীলন মেচৰে ক্ৰিকেট গ্ৰাউণ্ড পৰীক্ষামূলক ভাৱে সাজু কৰিছে অসম ক্ৰিকেট সন্থাই ।
BCCI ৰ সচিব দেৱজিত লন শইকীয়াৰ প্ৰত্যক্ষ তত্বাৱধনাত এই একাডেমীৰ গ্ৰাউণ্ডখনি নিৰ্মাণ কৰা হৈছে ।
ডেকাবাৰীৰ একাডেমী গ্ৰাউণ্ডত খেলুৱৈ সকলৰ হোষ্টেল, দৰ্শকৰ গেলেৰী নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে এই ক্ৰিকেট গ্ৰাউণ্ডখন এখন আন্তৰাষ্ট্ৰীয় ক্ৰিকেট গ্ৰাউণ্ড হিচাপে পৰিগণিত হোৱাৰ আশা।
লগতে পঢ়ক : WATCH | Assam Legislative Assembly Session : অসম বিধান সভাৰ বাজেট অধিৱেশনৰ আজি পঞ্চম দিন