Local, Vocal, Global

North Guwahati News: শ শ পকা কলৰ থোকে শোভা বৰ্ধন কৰা বিশেষ উৎসৱ

উত্তৰ গুৱাহাটী,১৩ফেব্ৰুৱাৰী : এথোক, দুথোক নহয় শ শ পকা কলৰ থোকে শোভা বৰ্ধন কৰা উত্তৰ গুৱাহাটীৰ এটা বিশেষ উৎসৱ।

উৎসৱস্থলীৰ কেউফালে কেৱল থোকে থোকে পকা কল ।

যেন পকা কলৰ থোকেৰে মালা গাঁঠি থোৱা হৈছে উৎসৱস্থলীত(North Guwahati News)।

এয়া হৈছে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মধুপুৰ গোপাল থানৰ গোপাল উৎসৱৰ পৰিবেশ ।

গোপাল উৎসৱ উপলক্ষে ভক্তই এনেদৰে আগবঢ়াইছে শ শ পকা কলৰ থোক।

জন বিশ্বাস মতে, গোপাল থানৰ গোপাল উৎসৱত পকা কল আগবঢ়ালে ভক্তৰ মনোকামনা পূৰ্ণ হয়।

এই পকা কল ভক্তই নিজে প্ৰসাদৰ দৰে গ্ৰহণ কৰিব পাৰে।

ঘৰলৈয়ো নিব পাৰে পকা কল।

তাৰবাবে কোনেও বাধা নিদিয়ে আপোনাক।

এই উৎসৱত অংশগ্ৰহণ কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আগমন হৈছে।

শুকুৰবাৰে সামৰণি পৰিব এই গোপাল উৎসৱৰ।

লগতে পঢ়ক:Nagarbera News: বৰপেটা চৰ-চাপৰিৰ খেতি পথাৰত শ শ পৰিভ্ৰমী চৰাই