Watch | North-guwahati news: GMDAত অনুষ্ঠিত প্ৰথম বাৰ্ষিক কামৰূপ জিলা আন্তঃ স্কুল সাঁতোৰ প্ৰতিযোগিতা

উত্তৰ গুৱাহাটী: উত্তৰ গুৱাহাটী GMDA swimming poolত আজি পুৱাৰে পৰা অনুষ্ঠিত হৈছে প্ৰথম বাৰ্ষিক কামৰূপ জিলা আন্তঃ স্কুল সাঁতোৰ প্ৰতিযোগিতা । Kamrup District Sports Association আৰু North Guwahati swimming পুলৰ উদ্যোগত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা খন ।
প্ৰতিযোগিতা খনত কামৰূপ জিলাৰ প্ৰায় ২০ খন বিদ্যালয়ৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। ৪৮ ইভেন্টত অনুষ্ঠিত হৈছে প্ৰতিযোগিতা খন । Freestyle, Back,Breast আৰু Butterfly সাতোৰৰ এই আটাইকেইটা ষ্টাইলত প্ৰতিযোগিতা খন অনুষ্ঠিত হৈছে ।
আজি পুৱা প্ৰতিযোগিতা খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে উত্তৰ গুৱাহাটী Swimming পুলৰ কাৰ্যকৰী সভাপতি পাৰ্থপ্ৰতিম বৰকাকতী , কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি জন্মি দাস আৰু কামৰূপ জিলা ক্ৰীড়া সন্থাৰ ফুটবলৰ সম্পাদক সুবল ৰামচিয়াৰিয়ে ।
লগতে পঢ়ক : Watch | Galakey news: চিঙি পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এজনৰ কৰুণ মৃত্যু