WATCH | North Guwahati News : মে’-জুন মাহত সম্পূৰ্ণ হৈ উঠিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং

উত্তৰ গুৱাহাটী,২৫জুন : অহা বছৰ মে’-জুন মাহত সম্পূৰ্ণ হৈ উঠিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং । মুখ্যমন্ত্ৰী ড ° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই কথা
অৱশ্যে অহা নৱেম্বৰ-ডিচেম্বৰ ভিতৰত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংৰে খোজকাঢ়ি অহা যোৱা কৰিব পাৰিব পথাচাৰীয়ে ।
অৱশ্যে দলঙৰ নিৰ্মাণ কাৰ্য্য অহা ১৫ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰীয়ে(North Guwahati News)।
প্ৰাৰম্ভিক পৰ্য্যায়ত লঘূ আৰু মধ্যমীয়া যান বাহন সমূহ অহা যোৱাৰ বাবেহে মুকলি কৰা হ’ব দলং খন ।
দলঙ খনৰ দুয়োফালৰ ফাইভলেন যুক্ত Trumplate ৰ কাম সম্পূৰ্ণ হৈ উঠিলহে আনুষ্ঠানিক ভাৱে মুকলি কৰা হ’ব দলং ।
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে যে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংৰ কাম সম্পূৰ্ণ হলেই কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ ব্যৱস্থা কৰা হ’ব।
লগতে পঢ়ক : WATCH | Biswanath News : বিশ্বনাথৰ ৰামকৃষ্ণ সেৱাশ্ৰমত বিনামূলীয়া চকু চিকিৎসা শিবিৰ