Local, Vocal, Global

WATCH |North Guwahati Flooded After Heavy Rain : ভয়ংকৰ কৃত্ৰিম বানপানীৰ কবলত উত্তৰ গুৱাহাটী

উত্তৰ গুৱাহাটী,২২এপ্ৰিল : ভয়ংকৰ কৃত্ৰিম বানপানীৰ কবলত উত্তৰ গুৱাহাটী ।

ৰাজপথ বন্ধ কৰি তীব্ৰ প্ৰতিবাদ মহিলাৰ ।

অতি ব্যস্ত গোৰিপুৰ-উত্তৰ গুৱাহাটী মহাবিদ্যালয় পথ পুৱাৰে পৰা বন্ধ কৰি দিলে মহিলাই ।

ৰাস্তাত ৰচি বান্ধি পথ অৱৰোধ মহিলাৰ(Guwahati Flooded After Heavy Rain)।

নিশা মূষলধাৰ বৰষুণৰ পিছত কৃত্ৰিম বানপানীত ডুব গৈছে গোৰিপুৰ – উত্তৰ গুৱাহাটী মহাবিদ্যালয় ব্যস্ত পথটোৰ লগতে বিভিন্ন অঞ্চল ।

হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰশাসনৰ বিৰূদ্ধে প্ৰতিবাদ সাব্যস্ত মহিলাৰ ।

উন্নয়নৰ নামত ৰাইজক পন বন্দী নকৰিবলৈ হুংকাৰ স্থানীয় নাগৰিকৰ ।

বিজ্ঞান সন্মত ভাৱে নলা নৰ্দমা সমূহ নিৰ্মাণ নকৰাৰ ফলত কৃত্ৰিম বানপানী কবলত পৰিছে উত্তৰ গুৱাহাটী ।

কেৱল এয়ে উত্তৰ গুৱাহাটীৰ প্ৰাকৃতিক জলাশয় সমূহ পুতি পেলোৱাৰ ফলত অনাগত দিনত উত্তৰ গুৱাহাটীবাসী ইয়াতকৈয়ো ভয়ংকৰ কৃত্ৰিম বানপানীৰ কবলত পৰাৰ আশংকা স্পষ্ট হৈ পৰিছে।

লগতে পঢ়ক : WATCH | Nalbari News : নলবাৰীত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে এগৰাকী হিন্দু লোকে