WATCH | North Guwahati : কাইলৈ উদ্বোধন হ’ব লাভলীনা বক্সিং একাডেমী
উত্তৰ গুৱাহাটী,৪জুন : কাইলৈ উদ্বোধন হ’ব “লাভলীনা বক্সিং একাডেমী “।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব একাডেমীখন ।
উদ্বোধনী অনুষ্ঠানৰ বাবে উদগ্ৰীব হৈ আছে অসম গৌৰব, অলিম্পিয়ান লাভলীনা বৰগোহাঁই ।
একেই উৎকণ্ঠা লাভলীনাৰ পিতৃ মাতৃ আৰু শুভাকাংক্ষীৰ মাজত(North Guwahati)।
ৰাজ্যৰ চুকে কোনে লুকাই থকা প্ৰতিভাৱান খেলুৱৈ সকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্য অলিম্পিয়ান লাভলীনাই উত্তৰ গুৱাহাটী চন্দ্ৰাত নিৰ্মাণ কৰিছে একাডেমী খন ।
নিজৰ আৰ্জিত ধন খৰচ কৰা হৈছে একাডেমী খনৰ বাবে ।
মাহিলী ৫০০ টকাত ল’ব পাৰিব বক্সিঙৰ প্ৰশিক্ষণ।
“ACADEMY ” খনৰ বাবে পাটিয়ালাৰ পৰা আনা হৈছে উন্নত মানদণ্ডৰ সামগ্ৰী ।
উত্তৰ গুৱাহাটীৰ পিছত অসমৰ বিভিন্ন স্থানত মুকলি কৰা হ’ব আন কেইবাখনো “LOVLINA BOXING ACADEMY”.
লগতে পঢ়ক : WATCH | Sensational incident: মঙলদৈৰ সৰু ঠেকেৰাবাৰীত বোৱাৰী হত্যা