WATCH | North Guwahati : ডিচেম্বৰ মাহত মুকলি হ’ব গুৱাহাটী -উত্তৰ গুৱাহাটী দলং
উত্তৰ গুৱাহাটী,১৭মে’ : ডিচেম্বৰ মাহত মুকলি হ’ব গুৱাহাটী -উত্তৰ গুৱাহাটী দলং।
আজি মুখ্যমন্ত্ৰী গৰাকী আমিনগাঁৱত নিৰ্মাণৰত আন্তৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্য্য পৰিদৰ্শন কৰি এই ঘোষণা কৰে।
আনহাতে নিৰ্মাণৰত আন্তৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামখন ফেব্ৰুৱাৰী মাহত মুকলি কৰাৰ লক্ষ্য বান্ধি লৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে।
৩৮০ কোটি টকা বাজেটেৰে নিৰ্মাণ হৈ আছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম খন।
ষ্টেডিয়ামখনত ২০ হেজাৰ দৰ্শকে একেলগে বহি উপভোগ কৰিব পাৰিব খেল(North Guwahati)।
২০ গৰাকী ৰাষ্ট্ৰীয় প্ৰশিক্ষকৰ বাবে সুবিধা থাকিব ষ্টেডিয়াম খনত ।
আন্তঃৰাষ্ট্ৰীয় ২০ গৰাকী প্ৰশিক্ষকৰ বাবেও সুবিধা থাকিব ।
খেলুৱৈ সকলৰ বাবে ল’ৰা-ছোৱালী উভয়ৰে কাৰণে নিৰ্মাণ কৰা হৈছে G+8 হোষ্টেল।
উল্লেখ্য যে – AHLUWALIA CONTRACTS (INDIA) LIMITED এই নিৰ্মাণ কৰিছে এই ষ্টেডিয়ামখন।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশনৰো সুবিধা উপলব্ধ হ’ব ষ্টেডিয়াম খনত ।
লগতে পঢ়ক : WATCH | Sipajhar News : ছিপাঝাৰৰ বৰদৌলগুৰিৰ অৱসৰী শিক্ষক,সমাজ সংগঠক ধৰণী ধৰ নাথলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান