WATCH | North Guwahati : উত্তৰ গুৱাহাটীস্থিত অগ্নি আৰু আপতকালিন সেৱাৰ আঞ্চলিক কেন্দ্ৰত দুৰ্যোগ প্ৰশমন ৰ বাবে বিশেষ প্ৰশিক্ষণ শিবিৰ
উত্তৰ গুৱাহাটী,২৫মাৰ্চ : উত্তৰ গুৱাহাটীস্থিত অগ্নি আৰু আপতকালিন সেৱাৰ আঞ্চলিক কেন্দ্ৰত দুৰ্যোগ প্ৰশমন ৰ বাবে বিশেষ প্ৰশিক্ষণ শিবিৰ ।
দুৰ্যোগ প্ৰশমণৰ বাবে স্বেচ্ছামূলক ভাৱে সেৱা আগবঢ়োৱা “আপদা মিত্ৰ”ৰ কৰ্মী সকলৰ বাবে অনুষ্ঠিত হৈছে এই বিশেষ প্ৰশিক্ষণ শিবিৰটো ।
২১ দিনীয়াকৈ অনুষ্ঠিত হৈছে “Training of trainers” প্ৰশিক্ষণ ।
উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম , অৰুণাচল প্ৰদেশ,মনিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা,অসমকে ধৰি ৬ খন ৰাজ্যৰ ৭৪ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে এই শিবিৰত(North Guwahati)।
পুৰুষৰ সমানে সমানে ১০ গৰাকী যুৱতীয়েও দুৰ্যোগ প্ৰশমনৰ কৌশল গ্ৰহণ কৰিছে ।
(NDMA) national disaster management authority ৰ উদ্যোগত, অগ্নি আৰু আপতকালিন সেৱা, আঞ্চলিক কেন্দ্ৰ”ৰ সহযোগত চলি আছে এই শিবিৰ ।
বানপানী,অগ্নিকাণ্ড,ভূমিকম্পকে ধৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াব “আপদ মিত্ৰ”ৰ প্ৰশিক্ষণ প্ৰাপ্ত কৰ্মী সকলে।
লগতে পঢ়ক :WATCH | Mushalpur News: মুছলপুৰত গণ সুৰক্ষা পাৰ্টী যুৱ মৰ্চাৰ সংবাদমেল