WATCH | North Guwahati : উত্তৰ গুৱাহাটীত সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি
উত্তৰ গুৱাহাটী,১৮মাৰ্চ : উত্তৰ গুৱাহাটীত সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি।
উত্তৰ গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক মুনিন ডেকাক প্ৰাণে মৰা ভাবুকি দুই দুৰ্বৃত্তৰ ।
কলবাৰীৰ প্ৰাঞ্জল দাস আৰু ৰাজু নাথ নামৰ দুগৰাকী লোকে সাংবাদিক গৰাকীক আক্ৰমণ কৰে(North Guwahati)।
নিয়মীয়া বাৰ্তা কাকতৰ উত্তৰ গুৱাহাটীৰ সাংবাদিক মুনীন ডেকাৰ নিজ গৃহলৈ গৈ সাংবাদিক গৰাকীক দাৰে আক্ৰমণ কৰিবলৈ উদ্যত হয় দুৰ্বৃত্তয়ে ।
অশালীন আচৰণৰ লগতে মুনিন ডেকাৰ পৰিয়ালকো আক্ৰমণ কৰিবলৈ খেদি যায়।
মুনিন ডেকাই ব্যক্তিগতভাবে ক্ৰয় কৰা এটি পথক লৈ সাংবাদিক গৰাকীক ভীতিগ্ৰস্ত কৰি অহাৰ অভিযোগ ।
ভয় ভাবুকিৰে সাংবাদিক গৰাকীৰ পৰা ধন আদায় কৰাৰ বাবে দুৰ্বৃত্তদ্বয়ৰ এই নিৰ্লজ কাণ্ড ।
ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষী চকীত নিৰ্যাতিত সাংবাদিক গৰাকীয়ে গোচৰ ৰুজু কৰিছে ।
পৰিয়াল সহ জীৱন সংশয়ত ভুগিছে সাংবাদিক গৰাকীয়ে।
বিহিত ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান সাংবাদিক গৰাকীৰ ।
লগতে পঢ়ক : WATCH | Dibrugarh News : ডিব্ৰুগড়ত আছুৰ উদ্যোগত ড্ৰাগছ বিৰোধী সজাগতা সমদল