Local, Vocal, Global

Noonmati-Chandmari Flyover To Open By March 2025 : মাজনিশা মহানগৰী আকস্মিক ভ্ৰমণ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক,৯ছেপ্তেম্বৰ : মাজনিশা মহানগৰী আকস্মিক ভ্ৰমণ মুখ্যমন্ত্ৰীৰ । নিশাই দীঘলীপুখুৰী-নুনমাটি উৰণসেতুৰ নিৰ্মাণকাৰ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে। ২০২৫ চনৰ মাৰ্চৰ ভিতৰত নুনমাটি-চানমাৰিৰ অংশ মুকলিৰ পৰিকল্পনা।

চানমাৰিৰ পৰা ৰিজাৰ্ভ বেংক অংশ ২০২৬ চনৰ জানুৱাৰীত সম্পূৰ্ণ কৰাৰ লক্ষ্য ।

জানিব পৰা মতে, দুৰ্গা পূজাৰ সময়ছোৱাত বন্ধ থাকিব নৱনিৰ্মিত উৰণ সেতুৰ কাম(Noonmati-Chandmari Flyover To Open By March 2025) ।

চাৰিলেনযুক্ত উৰণ সেতুখন প্রায় ৫ কিঃ মিঃ দীঘল হ’ব । প্রায় ৮০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে উৰণ সেতুখন । উৰণ সেতুৰ কামৰ বুজ লৈ এই মন্তব্য মুখ্যমন্ত্রীৰ।

লগতে পঢ়ক :Assam eviction drive: শীঘ্ৰে গোৱালপাৰাৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ