Local, Vocal, Global

Non provincialised school teacher commits suicide : অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ আত্মহত্যা

নিউজ ডেস্ক,২৭জুন : পুনৰ ৰাজ্যত আত্মহত্যাৰ ঘটনা ।আত্মহত্যা জানো শেষ উপায় । প্ৰায় প্ৰতিদিনেই আমি আত্মহত্যাৰ খবৰৰ শুনিবলৈ পাঁও। কোনোবাই যদি পঢ়াৰ চাপ, কোনোবাই প্ৰেমজনিত কাৰণ বা অন্য কাৰণত পৰি এই চৰম পন্থা বাছি লোৱা দেখা যায়।

এইবাৰ মাজুলীত সংঘটিত হৈছে আত্মহত্যাৰ ঘটনা ৷ মাজুলীত শিক্ষয়িত্ৰীৰ আত্মহত্যা । উজনি মাজুলীৰ ফুলনি থানাৰ অন্তৰ্গত এক নং বৰনলনি গাঁৱত ৰীতা গাম নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে আত্মহত্যা কৰে যি এতিয়া সমগ্ৰ মাজুলীত চাঞ্চল্য সৃষ্টি কৰিছে(Non provincialised school teacher commits suicide ) ৷

জানিব পৰা মতে, অপ্ৰাদেশীকৃত এখন বিদ্যালয়ত হিন্দী শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিল ৰীতা গাম নামৰ মহিলাগৰাকী ৷ ১৯৯১ চনৰ পৰা প্ৰায় ৩৩ বছৰ ধৰি বিনা বেতনে কাম কৰি অহা মহিলাগৰাকীয়ে মানসিকভাৱে ভাঙি পৰি এই সিদ্ধান্ত গ্ৰহণ কৰাৰ অনুমান কৰা হৈছে ৷ মহিলাগৰাকী বুধবাৰে নিশা প্ৰায় ১০ মান বজাত ঘৰৰ পৰা নোহোৱা হোৱাত পৰিয়ালৰ লোকৰ লগতে গাঁৱবাসীয়ে বিচাৰ-খোঁচাৰ কৰে যদিও লাভ নকৰিলে কোনো সম্ভেদ ৷

অৱশেষত কাহিলিপুৱা প্ৰায় ৪ মান বজাত ঘৰৰ সন্মুখৰে এখন বিলত পোৱা যায় মহিলাগৰাকীৰ মৃতদেহ ৷ মাজুলীৰ মইজোৰা জ্ঞানজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকীৰ এই সিদ্ধান্তত সকলোৱে দুখ প্ৰকাশ কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ফুলনি আৰক্ষী, জিলা দণ্ডাধীশ আৰু মাজুলীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গড়মূৰ জিলা চিকিৎসালয়লৈ নিয়ে ৷

লগতে পঢ়ক : Dead body found in Raha : তিতাইমাৰী দলঙৰ সমীপত উদ্ধাৰ যুৱকৰ মৃতদেহ