Non-Assamese Businessman Allegedly Assaults Minor : অৱশেষত ৰঙা ঘৰৰ আলহী হ’ল ঢকুৱাখনাৰ চাহু ভাতৃ
নিউজ ডেস্ক,২৯আগষ্ট : অৱশেষত ৰঙা ঘৰৰ আলহী হ’ল ঢকুৱাখনাৰ চাহু ভাতৃ। ঢকুৱাখনা নগৰৰ মেচাৰ্ছ কৃষ্ণা মেডিকেলৰ স্বত্বাধিকাৰী ৰাজু চাহু আৰু ভাতৃ সঞ্জয় চাহুক লখিমপুৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
ঢকুৱাখনা সদৰ থানাত পঞ্জীভূত গোচৰ (নং-৭০/২০২৪)ৰ ভাৰতীয় ন্যায় সংহিতা আইনৰ ধাৰা ১২৬(২) ১১৭(২) ৰ আচামী ৰাজু চাহু আৰু সঞ্জয় চাহুক বুধবাৰে নিশা ৭-১৮ বজাত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। ঢকুৱাখনা সদৰ থানাৰ তদন্তকাৰী আৰক্ষী বিষয়াই দুয়োজন আচামীক মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে(Non-Assamese Businessman Allegedly Assaults Minor)।
উল্লেখযোগ্য যে,১নং হিলৈদাৰী গাঁৱৰ ৰোগাক্ৰান্ত হৈ তথা শৰীৰৰ ৭০ শতাংশ অংগ বিকল হৈ থকা চিকিৎসাধীন নাবালক কিশোৰ এটিয়ে মঙলবাৰে মেচাৰ্ছ কৃষ্ণা মেডিকেলত চেন্ডেল পিন্ধি প্ৰৱেশ কৰা ফলত গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছিল। ফাৰ্মাচীখনৰ স্বত্বাধিকাৰ ৰাজু চাহু আৰু ককায়েক সঞ্জয় চাহুৱে ৰাইজৰ সন্মুখতে প্ৰাণনাশী আক্ৰমণ চলোৱাৰ ফলত প্ৰচুৰ ভাবে ৰক্তক্ষৰণ হৈছিল ৰোগাক্ৰান্ত কিশোৰজনৰ(Dhakuwakhana Minor attack Case)।
পাছত আত্মীয়ই কিশোৰজনক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে লগতে দুই মাতব্বৰ ভাতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। বুধবাৰে এই ঘটনাৰ বিৰুদ্ধে আটাছো,আছু, টাইপা আদি বিভিন্ন সংগঠনে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰি বিতৰ্কিত ফাৰ্মাচীখনত তলা ওলমাই দিছিল। চৰ্ত বান্ধি দিছিল থলুৱা,নিৰ্বোধ,ৰোগীয়া কিশোৰটিক নিৰ্মম ভাবে আক্ৰমণ কৰা দুই উদণ্ড স্বত্বাধিকাৰীক ৩ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰা আৰু দুই উদণ্ড ভাতৃয়ে প্ৰহৃত কিশোৰ আৰু সংগঠনক ৰাজহুৱা ভাবে ক্ষমা খোজাৰ।
ৰাইজ,সংগঠনৰ উত্তাল প্ৰতিবাদত সেও মানি,পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকাত ঢকুৱাখনা আৰক্ষীয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি পৰৱৰ্তী সময়ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিবলৈ বাধ্য হয়।
লগতে পঢ়ক : Robbery incident: ছিপাঝাৰৰ ভেৰুৱাত ডকাইতি কাণ্ড