Local, Vocal, Global

দুৰ্গা পূজাত বেলুন কিনাই নহল, বলেৰ’ৰ খুন্দাত প্ৰাণ গ’ল ৭ বছৰীয়া শিশুৰ

মৃত্যুঞ্জয় দাস, সোণাৰিঃ দুৰ্গা পূজা আনন্দ উল্লাসৰ মাজতে উজনিৰ সাপেখাটিৰ টাইৰাই তিনিআলিত বলেৰো খুন্দাত ৭ বছৰীয়া শিশুৰ মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

৭ বছৰীয়া শিশুৰ মৃত্যুৰ ঘটনাই শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে৷ ঘটনা সংঘটিত কৰি বাহন খন পলায়ন কৰে। সোণাৰি লৈ পূজা চাবলৈ আহিবলৈ ধোদৰআলিৰ ওপৰত মেজিকত উঠিবলৈ লোৱাৰ সময়তে তীব্ৰ বেগী বলেৰ’ বাহনখনে শিশুটিক মহতিয়াই নিয়াত ঘটনাস্থলীতে শিশুটি নিহত হয়।