Local, Vocal, Global

NMC retained two medical colleges in Assam : পুনৰ স্বীকৃতি লাভ অসমৰ দুখন চিকিত্‍সা মহাবিদ্যালয়ৰ

নিউজ ডেস্ক, ২২ জুন : অসম চিকিত্‍সা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ৰ এমবিবিএছ পাঠ্যক্ৰমৰ স্বীকৃতি পুনৰ বাহালৰ ঘোষণা ৰাষ্ট্ৰীয় চিকিত্‍সা আয়োগৰ (NMC)। পৰৱৰ্তী ৫ টা বৰ্ষলৈ ৰাষ্ট্ৰীয় চিকিত্‍সা আয়োগে স্বীকৃতি বাহাল ৰখাৰ বাবে চিকিত্‍সা মহাবিদ্যালয় দুখনক আনুষ্ঠানিক পত্ৰ বুধবাৰে প্ৰেৰণ কৰে (NMC retained two medical colleges in Assam) । এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে এক পোষ্টৰ অৱগত কৰে।

উল্লেখ্যে যে, প্ৰয়োজনীয় ফেকাল্টিৰ অভাৱৰ লগতে আন্তঃগাঁথনিৰ অভাৱ আদি সমস্যাৰ বাবে অসমৰ কেইবাখনো মেডিকেল কলেজৰ স্বীকৃতি বাতিল হোৱাৰ দিশে অগ্ৰসৰ হৈছিল।

উল্লেখ্য যে, চিকিত্‍সা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিত্‍সা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় চিকিত্‍সা আয়োগক পৰ্যালোচনাৰ বাবে আবেদন জনাইছিল (National Medical Commission)।

এই আবেদনৰ ভিত্তিত ৰাষ্ট্ৰীয় চিকিত্‍সা আয়োগ (NMC)-এ যোৱা ৭ জুনত নতুন দিল্লীত শুনানী লৈছিল। উক্ত শুনানিত এনএমচিয়ে সন্তুষ্ট হৈ অসম চিকিত্‍সা মহাবিদ্যালয়ক ১৭০ টা আসন আৰু গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ক ১৫৬ টা আসনৰ সৈতে এমবিবিএছ পাঠ্যক্ৰমৰ স্বীকৃতিক পুনৰ ৫ বছৰৰ বাবে এম বি বি এছৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিছে ।

উল্লেখ্য যে, শেহতীয়াভাৱে ৰাষ্ট্ৰীয় চিকিত্‍সা আয়োগে দেশৰ প্ৰায় ১৫০ খন চিকিত্‍সা মহাবিদ্যালয়ৰ স্বীকৃতি এনএমচিয়ে বাতিল কৰাৰ সিদ্ধান্ত লৈছিল (AMCH, GMCH)। উক্ত চিকিত্‍সা মহাবিদ্যালয়সমূহ ৰাষ্ট্ৰীয় চিকিত্‍সা আয়োগে অনুসন্ধানৰ কৰি বিভিন্ন ধৰণৰ আঁসোৱাহ ধৰা পেলাইছিল। ৰাষ্ট্ৰীয় চিকিত্‍সা আয়োগৰ এই বাতিলৰ সিদ্ধান্তত অসম চিকিত্‍সা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ো অন্তৰ্ভুক্ত হৈছিল ।

লগতে পঢ়ক : Women Undergo Sex-Change Surgery : ”শাৰীৰিকভাৱেও মই পুৰুষ হ’ব বিচাৰো” : সুচেতনা ভট্টাচাৰ্য