Local, Vocal, Global

Nitin Gadkari Says Opposition ‘Offered Him Support For PM Post :‘মোক প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ দিয়া হৈছিল । কিন্তু সেই প্ৰস্তাৱ মই নাকচ কৰিছিলোঁ” কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

নিউজ ডেস্ক,১৫ছেপ্তেম্বৰ : নাগপুৰত গুৰুত্বপূৰ্ণ মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয়,‘মোক প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ দিয়া হৈছিল । কিন্তু সেই প্ৰস্তাৱ মই নাকচ কৰিছিলোঁ। প্ৰধানমন্ত্ৰী হোৱাটো মোৰ জীৱনৰ লক্ষ্য নহয়’।

তেওঁ লগতে কয় মোক কোৱা হৈছিল যে, প্ৰধানমন্ত্ৰীৰ দৌৰত আপুনিও চামিল হওঁক। আমি নৰেন্দ্ৰ মোডীক নহয়, আপোনাক সমৰ্থন কৰিম। কিন্তু মই সেই অফাৰ দলিয়াই দিছিলো, কিয়নো মোৰ প্ৰধানমন্ত্ৰী হোৱাৰ হেপাঁহ নাই। প্ৰধানমন্ত্ৰীৰ গাদীত বহাৰ লোভ নাই(Nitin Gadkari Says Opposition ‘Offered Him Support For PM Post)।

শনিবাৰে এক অনুষ্ঠানত দিয়া বক্তব্যৰ মাজতে এই কথা প্ৰকাশ কৰে নীতিন গাডকাৰীয়ে। অৱশ্যে কোন দল বা ব্যক্তিয়ে তেওঁ সেই অফাৰ দিছিল সেই কথা ৰাজহুৱা নকৰিলে নীতিন গাডকাৰীয়ে।

কিন্তু তাৰ মাজতে তেওঁ কয় যে, বিৰোধীৰ এগৰাকী জ্যেষ্ঠ নেতাই তেওঁক এই অফাৰ প্ৰদান কৰিছিল। কেতিয়া আৰু কত এই অফাৰ তেওঁক দিয়া হৈছিল এই কথাও ৰাজহুৱা নকৰো বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

লগতে পঢ়ক :Arvind Kejriwal to resign as Delhi CM: দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব অৰবিন্দ কেজৰিৱালে