NIT Silchar Students Physically Assaults Hostel Staff : পুনৰ শিলচৰ এন আই টিত মাৰপিটৰ ঘটনা;একাংশ ছাত্ৰৰ প্ৰহাৰ ৰান্ধনীক

নিউজ ডেস্ক, ১৮ ফেব্ৰুৱাৰী : পুনৰ চৰ্চাত শিলচৰ এন আই টি । পুনৰ শিলচৰ এন আই টিত মাৰপিটৰ ঘটনা। এন আই টিৰ একাংশ ছাত্ৰৰ প্ৰহাৰ তিনিজন ৰান্ধনীক । ছাত্ৰৰ প্ৰহাৰত গুৰুতৰ আহত তিনিজন ৰান্ধনী । এই ঘটনা সন্দৰ্ভত ইতিমধ্যে এন আই টি কৰ্তৃপক্ষই আৰম্ভ কৰিছে তদন্ত(Students Physically Assaults Hostel Staff At NIT-Silchar, Second Case In 7 Months) ।
জানিব পৰা মতে, শুক্ৰবাৰে নিশা সংঘটিত হৈছে এই ঘটনাটো । শনিবাৰে নিশা শিলচৰ এন আই টিৰ 7 নং হোষ্টেলত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা । নিশা এন আই টিৰ একাংশ গুণ্ডাৰূপী ছাত্ৰই হোষ্টেলৰ তিনিজন ৰান্ধনীক দলবদ্ধ আক্ৰমণ কৰিছিল । লগতে ছাত্ৰকেইজনে ভাঙি চূৰমাৰ কৰিছিল বহু সা-সামগ্ৰী(NIT Silchar Students Physically Assaults Hostel Staff; Inquiry Launched) ।
এই ছাত্ৰৰ গুণ্ডাগিৰীত গুৰুতৰ আহত হয় তিনিজন ৰান্ধনী । পৰৱৰ্তী সময়ত সমগ্ৰ ঘটনা এন আই টি কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হয় ৷ তাৰ পাচতে এন আই টি কৰ্তৃপক্ষই আৰম্ভ কৰিছে তদন্ত । অৱশ্যে শিলচৰ এন আই টিৰ এয়াই প্ৰথম ঘটনা নহয় ৷পূৰ্বেও অনুৰূপ ঘটনা সংঘটিত হৈছিল শিলচৰ এন আই টি(NIT Silchar Students Physically Assaults Hostel Staff)।
লগতে পঢ়ক : Thieves at a wedding hall in Guwahati : গুৱাহাটীত উছাহমুখৰ বিৱাহ ভৱনত চোৰৰ চাফাই!