Local, Vocal, Global

Nipah Virus Outbreak In Kerala : কেৰালাত নিপা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু এটি ১৪বছৰীয়া কিশোৰৰ

নিউজ ডেস্ক,২২জুলাই : সাৱধান ভয়াৱহ ৰূপত আহিছে নিপা ভাইৰাছ ! এইবাৰ নিপা ভাইৰাছৰ সংক্ৰমণ (Nipah Virus Outbreak In Kerala) ।

কেৰালাত নিপা ভাইৰাছৰ সন্ত্ৰাস । কেৰালাত ভয়াৱহভাৱে বৃদ্ধি পাইছে নিপা ভাইৰাছ । ৰাজ্যখনৰ কেইবাখনো জিলাত ভয়াবহ ৰূপ লৈছে নিপা ভাইৰাছে ।

দেওবাৰে কেৰালাত নিপা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু এটি ১৪বছৰীয়া কিশোৰৰ। ইয়াৰ পাছতেই আন এজন ৬০ বছৰীয়া ব্যক্তিৰ দেহত নিপা ভাইৰাছৰ উপস্থিতি লাভ কৰে । নিপা ভাইৰাছত আক্ৰান্ত লোকজনক বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়ত ভক্তি কৰোৱা হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি নিপা ভাইৰাছত আক্ৰান্ত হৈ মৃত হোৱা কিশোৰগৰাকীৰ সংস্পৰ্শত থকা লোকসকলৰ অতিৰিক্ত নমুনা পৰীক্ষাৰ বাবেও আইচিএমআৰে কোজিকোডলৈ এটা ভ্রাম্যমাণ বিএছএল-৩ পৰীক্ষাগাৰ প্ৰেৰণ কৰিছে।

কেৰালাৰ স্বাস্থ্যমন্ত্রী বীনা জর্জে জনোৱা অনুসৰি এই ৰোগত মৃত্যু হোৱা কিশোৰগৰাকীৰ সংস্পৰ্শলৈ অহা ৭গৰাকী লোকৰ নমুনাৰ পৰীক্ষা ঋণাত্মক পোৱা গৈছে। বর্তমান ৬৮ গৰাকী স্বাস্থ্যকর্মীকে ধৰি ৩৩০জন লোক সংস্পৰ্শৰ তালিকাত আছে আৰু ইয়াৰে ১০১ জন লোকৰ বিপদাশংকা অধিক বুলি চিহ্নিত কৰা হৈছে(Nipah Virus Outbreak In Kerala)।

লগতে পঢ়ক : Dead body recovered : অৱশেষত উদ্ধাৰ হ’ল জীয়াঢলত মাছ মাৰিবলৈ গৈ সন্ধানহীন হোৱা গণেশ বৰ্মনৰ মৃতদেহ