Local, Vocal, Global

Nipah Virus Kerala : ক’ভিড-১৯ৰ পাছত নিপা ভাইৰাছৰ সন্ত্ৰাস

নেশ্যনেল ডেস্ক,১৩ছেপ্টেম্বৰ : এইবাৰ নিপা ভাইৰাছৰ সংক্ৰমণ । ক’ভিড-১৯ৰ পাছত নিপা ভাইৰাছে সৃষ্টি কৰিছে সন্ত্ৰাসৰ(Nipah Virus Kerala) । কেৰালাত ভয়াৱহভাৱে বৃদ্ধি পাইছে নিপা ভাইৰাছ । ৰাজ্যখনৰ কেইবাখনো জিলাত ভয়াবহ ৰূপ লৈছে নিপা ভাইৰাছে ।

উল্লেখ্য যে,কেৰালাৰ কোজিকোড জিলাত নিপা ভাইৰাছৰ সংক্ৰমণ ধৰা পেলাইছে স্বাস্থ্য বিভাগে ৷ স্বাস্থ্য বিভাগৰ এই তথ্যৰ পিছতে কান্নুৰ, ৱায়ানাড আৰু মালাপ্পুৰম জিলাত জাৰি কৰা হৈছে সতৰ্কবাণী ৷ এই কথা জানিবলৈ দিছে কেৰেলাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে(Kozhikode On High Alert After 2 Dead In Kerala Due To Nipah Virus ) ৷ ইতিমধ্যে কোজিকোড জিলাত জ্বৰৰ ফলত মৃত্যু হৈছে দুজনকৈ লোকৰ । দুজনকৈ লোকৰ মৃত্যুৰ পাছতে পোহৰলৈ আহিছে এই কথা ৷ লগে লগে জিলাখনত জাৰি কৰা হয় সতৰ্কবাণী(India state on alert after Nipah virus deaths) ৷

ৰাজ্যখনত যাতে ৰোগীসকলৰ চিকিৎসাৰ বাবে মনোক্ল’নেল এণ্টিবডী উপলব্ধ হয় তাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাহ প্ৰদান কৰিছে কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে ৷

কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে কয়, ‘‘কেৰালা স্বাস্থ্য বিভাগে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ অৰ্থাৎ আইচিএমআৰ সৈতে ইতিমধ্যে যোগাযোগ কৰা হৈছে ৷ ৰোগাৰ পৰা সংগ্ৰহ কৰা নমুনাবোৰ পুনে ইনষ্টিটিউট অৱ ভাইৰোলজীলৈ প্ৰেৰণ কৰা হৈছিল যাতে নিপা ভাইৰাছ হয় নে নহয় নিশ্চিত কৰিব পাৰি ৷’’

আনহাতে জিলাখনত এটা নিপা নিয়ন্ত্ৰণ কক্ষ খোলা হৈছে ৷ আৰু ইয়াৰ বাবে নম্বৰ মুকলি কৰা হৈছে ইতিমধ্যে 0495 2383100, 0495 2383101, 0495 2384100, 0495 2384101, 0495 2386100 নম্বৰত যোগাযোগ কৰিব পাৰিব ৷ ইয়াৰ সমান্তৰালভাৱে বিভিন্ন অঞ্চলত স্বাস্থ্য বিভাগৰ পৰ্যবেক্ষণৰ লগতে সজাগতা সভা, বিভিন্ন লোকৰ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে ৷ এই ক্ষেত্ৰত অধিক তৎপৰ হৈছে জিলা প্ৰশাসন ৷ এই কথা জানিবলৈ দিয়ে মন্ত্ৰী বীনা জৰ্জে ৷

লগতে পঢ়ক :Terrible accident in Rajasthan: এক মৰ্মান্তিক দুৰ্ঘটনা,যাত্ৰীবাহী বাছত খুন্দা ট্ৰেইলাৰৰ