Madurai Train Fire : যাত্ৰীবাহী ৰে’লত ভয়ংক অগ্নিকাণ্ড; ৯ জন নিহত, ২০ জনতকৈ অধিক আহত

নেশ্যনেল ডেস্ক, ২৬আগষ্ট : পুনৰ ৰে’লৰ অগ্নিকাণ্ডৰ ঘটনা । তামিলনাডুত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ৷ এখন পৰ্যটন ৰে’লত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডৰ ফলত ৯জন লোক নিহত হোৱাৰ লগতে আহত হয় ২০জনকৈ লোক (Madurai Train Fire) ।
উল্লেখ্য যে, তামিলনাডুৰ মাদুৰাইৰ সমীপত উত্তৰ প্ৰদেশৰ এখন পৰ্যটন ৰে’লত জুইৰ সূত্ৰপাত হয় । জানিব পৰা মতে ৰে’লখন লক্ষীপুৰৰ অভিমুখে আহি আছিল। উত্তৰ প্ৰদেশৰ পৰা অহা ৰে’লখনৰ ৩ টা ডবাত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয় । মাদুৰাই ষ্টেচনত ৰে’লখন ৰখাই থোৱাৰ সময়তে এই অগ্নিকাণ্ড সংঘটিত হয়(9 killed 20 injured as fire breaks out on train at Madurai station)।
প্ৰাপ্ত তথ্য অনুসৰি,এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰে’ল আৰক্ষীয়ে ঘটনাস্থালীত উপস্থিত হয় আৰু অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে ৰেলত আৱদ্ধ হৈ থকা পৰ্যটকসকলক উদ্ধাৰ কৰাৰ চেষ্টা কৰাৰ লগতে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে । এই অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত ইতিমধ্য়ে তদন্ত আৰম্ভ কৰে । জানিব পৰা মতে, ঘটনাস্থলীত মাদুৰাই ৰেল বিভাগৰ কালেক্টৰ সংগীতাই উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে তদন্ত আৰম্ভ কৰে(Nine passengers from Lucknow killed as fire guts private party coach at Madurai railway yard) ।
এই ভয়ংকৰ ঘটনাৰ ফলত আহতলোক যাত্ৰীসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আহত লোকসকলৰ অৱস্থা অতি সংকটজনত আৰু ঘটনাটোত মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আৰক্ষী আৰু ৰেলৱেৰ বিষয়াসকলে আশংকা প্ৰকাশ কৰিছে । ৰে’লৱেৰ বিষয়াসকলে জনোৱা অনুসৰি, ৰে’লত চাহ যোগান ধৰি থকা অৱস্থাত গেছ চিলিণ্ডাৰ বিস্ফোৰণ হয় । এই ভয়ংকৰ ঘটনাৰ দুজন বৃদ্ধ ভুক্তভোগীৰ ফটো প্ৰকাশ কৰা হৈছে ।
ইফালে এই ভয়ংকৰ ঘটনাৰ উদ্ধাৰ অভিযান অব্যাহত থকাৰ লগে লগে হতাহতিৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি ৰে’ল বিভাগৰ বিষয়াসকলে জনাই ।
এই ভয়ংকৰ ঘটনাৰ ফলত মৃতলোকসকলৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে দক্ষিণ ৰেলৱেই । ৰেল কৰ্তৃপক্ষই এই ঘটনা আৰু ইয়াৰ হতাহতৰ তথ্য বিচৰা ব্যক্তিসকলৰ বাবে নিৰ্দিষ্ট হেল্পলাইন নম্বৰ (৯৩৬০৫৫২৬০৮ আৰু ৮০১৫৬৮১৯১৫) মুকলি কৰিছে(9 Killed As Massive Fire Breaks Out On Train At Madurai Railway Junction) ।