Local, Vocal, Global

Lakhisarai Road Accident : তীব্ৰবেগী ট্ৰাকৰ খুন্দা যাত্ৰীবাহী অটোত;থিতাতে নিহত ৯ জন, আহত ৬জন

নেশ্যনেল ডেস্ক, ২১ ফেব্ৰুৱাৰী : এক মৰ্মান্তিক দুৰ্ঘটনা । তীব্ৰবেগী ট্ৰাকৰ খুন্দা যাত্ৰীবাহী অটোত । থিতাতে নিহত ৯ জন, আহত ৬জনকৈ লোক ।(Nine killed, six injured in road accident in Lakhisarai)।

আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি, ট্ৰাক চালকে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা যাত্ৰীবাহী বাহনখনক খুন্দা মাৰে আৰু ভয়ংকৰ ঘটনাটো সংঘটিত হয় । এই ঘটনা খবৰ আৰক্ষীয়ে পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু ততাতৈয়াকৈ উদ্ধাৰ অভিযান চলাই(Nine killed after autorickshaw hit by unidentified vehicle in Bihar’s Lakhisarai) ।

জানিব পৰা মতে, যাত্ৰীবাহী বাহনখন বিবাহ অনুষ্ঠানৰ পৰা চিকন্দ্ৰা গাঁৱৰ পৰা লখিচৰাই ষ্টেচনলৈ গৈ আছিল। নিহত লোকসকলৰ মুংগেৰ জিলাৰ জামালপুৰৰ বাসিন্দা।

আৰক্ষীৰ জনোৱা অনুসৰি,বুধবাৰে পুৱা প্ৰায় ১.৩০ বজাত সংঘটিত হয় দুৰ্ঘটনাটো । মাজনিশা যান-বাহন পাতল হোৱাত দুয়োখন বাহন তীব্ৰ বেগেৰে গৈ আছিল। আৰক্ষী আৰু উদ্ধাৰকাৰীয়ে আঘাতপ্ৰাপ্ত লোকসকলক ছিন্নভিন্ন গাড়ীখনৰ পৰা উলিয়াই আনিবলৈ কঠিন সময় পাৰ কৰিছিল। সংঘৰ্ষৰ প্ৰভাৱত অটোৰিক্সাখন মহতিয়াই পেলাই(Lakhisarai Road Accident)।

এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছত মুখ্যমন্ত্রী নীতিশ কুমাৰে গভীৰ শোক প্ৰকাশ কৰে আৰু আহতসকলক উত্তম চিকিৎসা সেৱা আগবঢ়াবলৈ বিষয়াসকলক নির্দেশ প্ৰদান কৰে ৷

লগতে পঢ়ক : Massive fire breaks out : মহানগৰীৰ ইছলামপুৰত ভয়ংকৰ অগ্নিকাণ্ড