মিজোৰাম-অসম সীমান্তত নটা বিদেশী বন্যপ্ৰাণী উদ্ধাৰ
নিউজ ডেস্ক, ২৬ আগষ্ট : মিজোৰাম-অসম সীমান্তৰ কোলাচিব জিলাৰ বৈৰেংটেত মিজোৰাম আৰক্ষীয়ে মুঠ নটা বিদেশী বন্যপ্ৰাণী উদ্ধাৰ কৰে।
ইয়াৰ সন্দৰ্ভত দুজন লোককো গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰ কৰা লোক দুজনক লালৰামংঘাকা (৩৯) আৰু তেওঁৰ সহযোগী লালৰেমৰুয়াটা (২০) বুলি চিনাক্ত কৰা হৈছিল। উল্লেখ্য যে, দুয়োজন বৈৰেংটেৰ বাসিন্দা।
নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আৰক্ষীয়ে ভাইৰেংটে আৰক্ষীৰ চেক গেটত তালাচী অভিযান আৰম্ভ কৰে আৰু এখন বাহনত চোৰাংকৈ অনা নটা বিদেশী বন্যপ্ৰাণীৰ প্ৰজাতি উদ্ধাৰ কৰে।
উদ্ধাৰ কৰা প্ৰজাতিটোত দুটা কেপিবাৰা আৰু সাতটা ধূসৰ বান্দৰ অন্তৰ্ভুক্ত আছিল।
পৰৱৰ্তী অনুসন্ধান অব্যাহত আছে।