Nampally Fire Accident : গুদামত ভয়ংকৰ অগ্নিকাণ্ড;নিহত ৯জন
নেশ্যনেল ডেস্ক, ১৩ নৱেম্বৰ : বিধ্বংসী অগ্নিকাণ্ড । এটা গুদামত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডৰ ফলত মৃত্যু ৯জনৰ(Nampally Fire Accident) ।
সোমবাৰে সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো । সোমাবাৰে হায়দৰাবাদৰ নামপল্লীৰ এটা গুদামত ভয়ংকৰ জুইৰ সূত্ৰপাত হয় ।
প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে পুৱা প্ৰায় ৯.৩৫ বজাত নামপল্লীৰ বজাৰঘাট অঞ্চলত অৱস্থিত এটা চাৰিমহলীয়া অট্টালিকাত এই ঘটনা সংঘটিত হয়। বহুমহলীয়া এপাৰ্টমেণ্ট কমপ্লেক্সটোৰ তলৰ মহলাৰ পৰাই জুই আৰম্ভণি হৈছিল, য’ত ৰাসায়নিক পদাৰ্থ থকা কিছুমান ড্ৰাম জমা কৰি ৰখা হৈছিল। তাৰ পিছতেই জুইৰ লেলিহান শিখাই সম্পূৰ্ণ অট্টালিকাটো আগুৰি ধৰিছিল(Nine dead, several injured in massive fire in Hyderabad)।
অগ্নিনিৰ্বাপক বাহিনীৰ এজন জ্যেষ্ঠ বিষয়াই সাংবাদিকৰ আগত জনোৱা অনুসৰি , এই অগ্নিকাণ্ডৰ পিছত এতিয়ালৈকে ২০ জনতকৈ অধিক লোকক অট্টালিকাটোৰ পৰা উদ্ধাৰ কৰা হৈছে। অগ্নিকাণ্ডৰ ফলত আহত হৈছে বহু লোক । গুৰুতৰভাৱে আঘতপ্ৰাপ্ত প্ৰায়বোৰ লোকেই প্ৰথম আৰু দ্বিতীয় মহলাৰ আৱাসী বুলি জানিব পৰা গৈছে। তৃতীয় আৰু চতুৰ্থ মহলাত বাস কৰা লোকসকল সামান্যভাৱে আঘাতপ্ৰাপ্ত হয়। আহতসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে(9 dead in Hyderabad building fire, blaze caused by spark while repairing car)।
ইফালে এই অগ্নিকাণ্ডৰ ফলত অট্টালিকাটোৰ জুইৰ মাজত বহুলোকক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে ।
উল্লেখ্য যে , এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে লাভ কৰাৰ লগে লগে ঘটনাস্থলীত চাৰিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে ৷ এই দুৰ্ঘটনাৰ ফলত, নিকটৱৰ্তী এপাৰ্টমেণ্টত বাস কৰা লোকসকল আতংকিত হৈ পৰিছিল ৷ ইতিমধ্যে ভৱনটোত আৱদ্ধ হৈ থকা মহিলা আৰু শিশুসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে(9 dead in apartment complex godown fire in Hyderabad’s Nampally ) ৷
এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি ৰাওৱে শোক প্ৰকাশ কৰিছে ৷ তেওঁ মৃত লোকসকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক তৎক্ষণাৎ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। তেলেংগানা ৰাজ্যিক বিজেপিৰ মুৰব্বী তথা কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে হায়দৰাবাদৰ নামপল্লীৰ ঘটনাস্থলী পৰিদৰ্শন কৰে বুলিও জানিব পৰা হৈছে(9 Killed As Massive Fire Breaks Out In Chemical Godown In Nampally) ৷
জানিব পৰা মতে, এই ভয়ংকৰ ঘটনাৰ পিছতে অট্টালিকাটোৰ স্বত্বাধিকাৰী ৰমেশ জয়ছৱাল বৰ্তমান পলাতক অৱস্থাত আছে। অট্টালিকাটোৰ তলৰ মহলাটোক ৰমেশ জয়ছৱালে তেলৰ গুদাম হিচাপে ব্যৱহাৰ কৰি আছিল।
লগতে পঢ়ক : EU calls for pauses in Hostilities : ইজৰাইল আৰু হামাছৰ সংঘৰ্ষই লৈছে ভয়ংকৰ ৰূপ