NIA raids 51 location in six states : ছয়খন ৰাজ্যত NIAৰ অভিযান,৩ টা ঘটনা সন্দৰ্ভত ৬ খন ৰাজ্যত NIA-ৰ অভিযান

ইণ্টাৰনেশ্যনেল ডেস্ক,২৭ছেপ্টেম্বৰ : ছয়খন ৰাজ্যত NIAৰ অভিযান । খালিস্তানী গেংষ্টাৰৰ সৈতে সম্পৰ্কত NIAৰ অভিযান ।
উল্লেখ্য যে, বুধবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই গেংষ্টাৰ লৰেন্স বিষ্ণই, বাম্বিহা আৰু আৰ্শ দাল্লাৰ সহযোগীসকলৰ ৫১ টা স্থানত তালাচী আৰম্ভ কৰিছে(NIA raids 51 location in six states) । ৩ টা ঘটনা সন্দৰ্ভত ৬ খন ৰাজ্যত NIA-ৰ অভিযান চলি আছে(NIA conducts raids across six states in major crackdown on Khalistani gangster nexus) ।
ইফালে, বুধবাৰে পুৱতিনিশা NIA-য়ে পঞ্জাবৰ মোগা জিলাৰ তখটুপুৰা গাঁৱত এজন সুৰা ব্যৱসায়ীৰ ঘৰত তালাচী চলায়(NIA Raids in six states) ।
জানিব পৰা মতে, গেংষ্টাৰ আৰ্শ দালাই ব্যৱসায়ীজনৰ পৰা মুক্তিপণ দাবী কৰিছিল আৰু তেওঁ মুক্তিপণৰ কিছু অংশ আৰ্শ দালাক দিছিল । এই সন্দৰ্ভত NIA-য়ে তদন্ত চলাই থকা বুলি এক সূত্ৰই প্ৰকাশ কৰে ।
আনহাতে NIA-য়ে উত্তৰাখণ্ডৰ উধম সিং নগৰৰ বাজপুৰ আৰক্ষী থানা অঞ্চলৰ এটা গান হাউছতো তালাচী অভিযান চলায় । NIA-য়ে উত্তৰাখণ্ডৰ ডেৰাডুন জিলাৰ ক্লেমেণ্টন আৰক্ষী থানা অঞ্চলৰ আন এটা ঘৰটো NIA-য়ে তালাচী চলাই(NIA raids underway in 6 states to crack down on gangsters)>
ডেৰাডুন আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি, NIA-ৰ দলটোৱে বুধবাৰে পুৱাৰে পৰা অভিযান চলাই আছে ।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই সন্ত্ৰাসবাদী গেংষ্টাৰ নেটৱৰ্কৰ সৈতে জড়িত ৪৩ জন ব্যক্তিৰ কানাডাৰ সৈতে সম্পৰ্ক থকাৰ তথ্যও জাৰি কৰিছে । NIA-য়ে জনসাধাৰণক তেওঁলোকৰ সা-সম্পত্তিৰ তথ্য জনাবলৈ আহ্বান জনাইছে । জানিব পৰা মতে, সেইবোৰ কেন্দ্ৰীয় চৰকাৰে অধিগ্ৰহণ কৰিব পাৰে । NIA-য়ে তেওঁলোকৰ নিজৰ নামত বা তেওঁলোকৰ সহযোগী, বন্ধু আৰু আত্মীয়সকলৰ নামত থকা তেওঁলোকৰ মালিকানাধীন সম্পত্তি/সম্পদ/ব্যৱসায়ৰ বিষয়ে তথ্য জনাবলৈও অনুৰোধ জনাইছে । লগতে তেওঁলোকৰ ব্যৱসায়িক অংশীদাৰ, শ্ৰমিক, কৰ্মচাৰী আৰু সংগ্ৰহ এজেণ্টৰ তথ্যও প্ৰকাশ কৰিবলৈ কৈছে(Mega Crackdown On Khalistan-gangster Nexus Across 6 States) ।
NIA-য়ে নিজৰ পোষ্টত লৰেন্স বিষ্ণই, যশদীপ সিং, কালা জাথেৰী ওৰফে সন্দীপ, বীৰেন্দ্ৰ প্ৰতাপ ওৰফে কালা ৰাণা আৰু যোগিন্দৰ সিঙৰ ফটো জাৰি কৰিছে । ইয়াৰ দ্বাৰা এইটো অনুমান কৰা হৈছে যে এই গেংষ্টাৰকেইজনৰ বহুতো কানাডাত আছে ।
ইয়াৰ পূৰ্বে ২১ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় অনুসন্ধা সংস্থাই পলাতক গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ সৈতে জড়িত পঞ্জাব আৰু হাৰিয়ানাৰ হাজাৰোধিক স্থানত অভিযান চলাইছিল । পঞ্জাব আৰক্ষী বিষয়াসকলে NIA-ৰ সৈতে এই অভিযান চলাইছিল ।গোল্ডি ব্ৰাৰ হৈছে NIA-ৰ দ্বাৰা উল্লেখ কৰা ম’ষ্ট ৱাণ্টেড গেংষ্টাৰসকলৰ ভিতৰত অন্যতম । কানাডাৰ উইনিপেগ চহৰত গুলীয়াই হত্যা কৰা আন এজন গেংষ্টাৰ সুখা ডুনিকেৰ শেহতীয়া হত্যাৰ আঁৰত তেওঁৰ হাত থকা বুলিও সন্দেহ কৰা হৈছে । ইয়াৰে কেইবাজনো ৱাণ্টেড গেংষ্টাৰে কানাডাৰ বাহিৰত কাম কৰি আছে বুলি কোৱা হৈছে । তেওঁলোক খালিস্তানৰ সমৰ্থক আৰু গেংষ্টাৰসকলৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে ।
লগতে পঢ়ক :World Tourism Day 2023 : আজি বিশ্ব পৰ্যটন দিৱস; বিশ্বব্যাপীয়ে পালন এই দিৱস