NIA arrests Aligarh Muslim University student: আইছিছৰে সম্পৰ্ক থকাৰ অভিযোগত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ছাত্ৰক গ্ৰেপ্তাৰ
নেশ্যনেল ডেস্ক, ২০ জুলাই: নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন আইছিছৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত উত্তৰ প্ৰদেশৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়(Aligarh Muslim University)ৰ এজন ১৯ বছৰীয়া ছাত্ৰক বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় তদন্ত সংস্থা নিয়াই গ্ৰেপ্তাৰ কৰে ।
দেশত চলি থকা আইছিছৰ মডিউলৰ বিৰুদ্ধে এন আই এ(National Investigation Agency)য়ে চলাই থকা অভিযানৰ অংশ হিচাপে ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশস্থিত নিা ঘৰ আৰু ভাড়াঘৰত কৰা তালাচীৰ অন্তত অভিযুক্ত ফাইজান আনছাৰী ওৰফে ফাইজ নামৰ ছাত্ৰজনক অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰিছে (NIA arrests Aligarh Muslim University student)।
ভাৰতীয় দণ্ডবিধি আইন আৰু অবৈধ কাৰ্যকলাপ (Prevention) আইনৰ প্ৰাসংগিক ধাৰা অনুসৰি যোৱা ১৯ জুলাইত এন আই এয়ে পঞ্জীয়ন কৰা এটা গোচৰৰ ভিত্তিত ফৈজানক নিয়াই জিম্মাত লোৱা বুলি জানিব পৰা গৈছে (Indian Penal Code and Unlawful Activities)। ৰাষ্ট্ৰীয় তদন্ত সংস্থাটোৱে আন্তৰ্জাতিক ষড়যন্ত্ৰৰ সকলো দিশ উন্মোচন কৰাৰ উদ্দেশ্যে অনুসন্ধানৰ কাম আগবঢ়াই নিব ।
যোৱা ১৬ আৰু ১৭ জুলাইত ঝাৰখণ্ডৰ লোহৰদগা জিলাস্থিত অভিযুক্তৰ ঘৰ আৰু উত্তৰ প্ৰদেশৰ আলিগড়ত থকা এটা ভাড়াঘৰত নিয়াৰ দলে অভিযান চলাইছিল । এই অভিযানত অভিযুক্ত ফাইজৰ ঘৰৰ পৰা কেইবাটাও ইলেক্ট্ৰনিক ডিভাইছ, আপত্তিজনক সামগ্ৰী আৰু নথিপত্ৰ জব্দ কৰা বুলি সন্ত্ৰাসবাদ বিৰোধী সংস্থাটোৱে জানিবলৈ দিয়ে ।
নিয়া অৰ্থাৎ এন আই এ উল্লেখ কৰা অনুসৰি, ফৈজানে ভাৰতত আইছিছৰ কাৰ্যকলাপৰ সমৰ্থন আৰু বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত সংগঠনটোৰ প্ৰচাৰৰ বাবে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে নিজৰ সহযোগী আৰু অন্যান্য অচিনাকি ব্যক্তিৰ সৈতে এক অপৰাধমূলক ষড়যন্ত্ৰ ৰচনা কৰিছিল।
“এই ষড়যন্ত্ৰৰ উদ্দেশ্য আছিল আইএছআইএছৰ হৈ ভাৰতত হিংসাত্মক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰা,” এই কথা এন আই এয়ে উল্লেখ কৰে ।
নিয়াৰ অনুসন্ধানত প্ৰকাশ পাইছে যে ফাইজান আৰু তেওঁৰ সহযোগীসকলে ইছলামিক ষ্টেটৰ প্ৰতি তেওঁলোকৰ আনুগত্য ৰখাৰ প্ৰতিশ্ৰুতি দিছিল । এই কথা উল্লেখ কৰি তদন্তকাৰী সংস্থাটোৱে লগতে কয় যে, “অভিযুক্ত ফাইজে সক্ৰিয়ভাৱে ভাৰতত আইএছআইএছৰ কেডাৰৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্যৰে কাম কৰি গৈছিল । লগতে নতুনকৈ ধৰ্মান্তৰিত হোৱা লোকসকলক উগ্ৰপন্থী সজাই বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হবলৈ আকৰ্ষিত কৰাৰ প্ৰক্ৰিয়াতো ফাইজান সক্ৰিয়ভাৱে জড়িত আছিল ।”।”
লগতে এন আই এয়ে জনালে, নিষিদ্ধ সংগঠনটোত নিযুক্তিৰ ক্ষেত্ৰত তেওঁক পথ প্ৰদৰ্শন কৰা বিদেশী ভিত্তিক আইছিছৰ হেণ্ডলাৰৰ সংস্পৰ্শত আছিল ফাইজান। তাৰোপৰি ফাইজানে আইছিছৰ আন সদস্যসকলৰ সৈতে মিলি বিভিন্ন হিংসাত্মক কাৰ্যকলাপৰ পৰিকল্পনাৰ লগতে বিদেশত আইছিছৰ কূটাঘাটৰ নাটকখনত ‘হিজৰত’কৰাৰ পৰিকল্পনা কৰিছিল।