Local, Vocal, Global

NIA য়ে দাখিল কৰিলে যোৰহাট সেনা চাউনীত গ্ৰেণেড বিস্ফোৰণ;NIA য়ে অভিযুক্ত নকৰিলে তিতাবৰৰ দীপাংকৰ গগৈক

যোৰহাট,২৭জুন : বিগত বৰ্ষৰ ১৪ ডিচেম্বৰৰ সন্ধিয়া যোৰহাটৰ লিচুবাৰীৰ সেনা চাউনীত সংঘটিত হৈছিল সন্দেহযুক্ত আলফাৰ গ্ৰেণেড বিস্ফোৰণৰ ঘটনা। ঘটনাৰ সংক্ৰান্তত সেই সময়ত যোৰহাট আৰক্ষীয়ে বিস্ফোৰণৰ লগত সন্দেহ প্ৰকাশ কৰি আটক কৰিছিল তিতাবৰৰ বিৰিণাশায়েক গাড়িকুৰি গাঁৱৰ ২২ বছৰীয়া যুৱক দীপাংকৰ গগৈক।

ডিচেম্বৰ মাহৰ ২১ তাৰিখৰ পৰা ২৪ ডিচেম্বৰৰ মাজনিশালৈকে দীপাংকৰ গগৈক নিৰ্যাতন চলোৱােৰ পাছত ২৫ ডিচেম্বৰৰ পুৱতি নিশা দীপাংকৰক ৰহস্যজনক মৃতদেহ ঘৰৰ পাছফালে উদ্ধাৰ হৈছিল। ইয়াৰ পাছতেই দীপাংকৰৰ মৃত্যুক লৈ তিতাবৰত ৰাজ্য কপোঁৱা ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল।

পৰৱৰ্তী সময়ত অসম চৰকাৰে অতিৰিক্ত মুখ্য সচিব কে চি ছামাৰিয়াক তদন্তৰ দায়িত্ব দিছিল যদিও আজিপৰ্যন্ত তদন্তৰ প্ৰতিবেদন প্ৰকাশ নকৰিলে।

শেহতীয়াকৈ ভাৰতৰ তদন্তকাৰী সংস্থা ‘নিয়া’ই দাখিল কৰা সমগ্ৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদনত উল্লেখ নাই দীপাংকৰ গগৈৰ নাম। লগে লগেই পুনৰ প্ৰতিবাদত মুখৰ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি। যোৰহাট আৰক্ষীয়ে নিজৰ মুখ ঢাকিবলৈকে দীপাংকৰ গগৈক নিৰ্যাতন চলাই হত্যা কৰিলে বুলি দাবী কৰি তদানীন্তন যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক মোহনলাল মীনা, তিতাবৰৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি আৰু তিতাবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষ্মন কুমাৰ দাসক তৎকালে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে।

লগতে পঢ়ক : তিনিচুকীয়াত সুৰামত্ত আৰক্ষীৰ গুণ্ডাগিৰি;গুৰুলা গুৰুলকৈ প্ৰহাৰ এজন MBA ছাত্ৰক