Local, Vocal, Global

NHPC releases excess water : পুৱা ৫ বজাৰ পৰা NHPCয়ে এৰিছে পানী;নামনি অঞ্চলত প্ৰচণ্ড বানৰ আশংকা

নিউজ ডেস্ক,১জুলাই : সোমবাৰৰ পুৱাৰে পৰা খুলি দিয়া হৈছে নীপকোৱে ২২ শ মিলিমিটাৰ পৰ্যন্ত গেট । যাৰ বাবে প্ৰকল্পৰ অতিৰিক্ত জলৰাশি যোগ হৈ ৰঙানদীয়ে লখিমপুৰত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ ৰঙানদীৰ ৰূপ দেখি শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ।

শনিবাৰে নীপকোৱে লখিমপুৰ জিলা প্ৰশাসনলৈ সতৰ্কবাৰ্তা জাৰি কৰাৰ পাচতে প্ৰকল্পৰ পানী এৰি দিয়ে । পানী এৰি দিয়াৰ ফলত জলস্তৰ বৃদ্ধি হৈ গৈ আছে ৷

বিগত দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত লখিমপুৰ নগৰৰ সমীপৰ ৰঙানদী পৰীয়া অঞ্চলৰ পাচনৈত বানৰ তাণ্ডৱ আৰম্ভ হৈছে । ঘৰ-বাৰী, ৰাস্তা-পদূলি বানত ডুব গৈছে । এনে দুৰ্যোগপূৰ্ণ অৱস্থা অব্যাহত থকাৰ সময়তে সোমবাৰে নামনি সোৱণশিৰি প্ৰকল্পৰ পৰাও পানী এৰি দিয়া হৈছে(NHPC releases excess water) ।

উল্লেখ্য যে, NHPC য়ে প্ৰকল্পৰ নিয়ন্ত্রণ কক্ষৰ পৰা এটা বাৰ্তা প্ৰেৰণ কৰি প্ৰকল্পৰ উজনি অংশত পানীৰ চাপ বৃদ্ধি হোৱাত ১৬ হেজাৰ কিউমিক পানী সোৱণশিৰি নদীত এৰি দিয়া হ’ব বুলি উল্লেখ কৰে ৷পুৱা পাঁচ বজাৰ পাচতে পানী এৰি দিয়া হ’ব আৰু ইয়াৰ ফলত নামনিৰ ধেমাজি আৰু লখিমপুৰ জিলা অংশত বানৰ সৃষ্টি হ’ব পাৰে বুলি উল্লেখ কৰে । এই বাৰ্তাই এতিয়া সোৱণশিৰিৰ ৰাইজৰ মনত সৃষ্টি কৰিছে আতংকৰ ৷

এফালে ধাৰাসাৰ বৰষুণৰ ফলত জিলাখনৰ নদীসমূহৰ সৰহভাগৰ জলপৃষ্ঠই বিপদ সীমা অতিক্রম কৰাৰ সময়ত নীপকো আৰু এনএইচপিচিয়েও ৰঙানদী আৰু সোৱণশিৰিত বৃহৎ পৰিমাণৰ পানী মোকোলাই দিয়াত জিলাবাসীৰ মাজত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতিৰ ৷

লগতে পঢ়ক : Youth Drowned in Flood Waters in Dergaon : দেৰগাঁৱৰ গঁড়মৰা চকীয়ালত অঘটন;টুলুঙা নাৱৰ পৰা বাঢ়নী পানীত পৰি সন্ধানহীন এজন যুৱক