Local, Vocal, Global

NHAI Announces 5% Hike In Toll Tax From Today : দেশবাসীলৈ ডাঙৰ খবৰ;আজিৰেই পৰা দেশত বৃদ্ধি পালে টোল গেটৰ চাৰ্জ

নিউজ ডেস্ক,২জুন : দেশবাসীলৈ ডাঙৰ খবৰ। পুনৰ জনতাৰ মূৰত মাধমাৰ !

আজিৰেই পৰা দেশত বৃদ্ধি পালে টোল গেটৰ চাৰ্জ। আজি মাজনিশাৰ পৰা পুনৰ বৃদ্ধি পালে টোল কৰ।

নিশা ১২ বজাৰ পৰা সমগ্ৰ দেশতে টোল গেট চাৰ্জ ৩- ৫ শতাংশলৈ বৃদ্ধি পালে(NHAI Announces 5% Hike In Toll Tax From Today)।

দেশৰ সাধাৰণ নিৰ্বাচনৰ বাবে এপ্ৰিল মাহত বাৰ্ষিক টোলগেটৰ চাৰ্জ বৃদ্ধিত স্থগিত ৰখাৰ হৈছিল।

ভাৰতত মুদ্ৰাস্ফীতিৰ লগত সংগতি ৰাখি বছৰি টোল চাৰ্জ সংশোধন কৰা হয়।

ঘাইপথ পৰিচালকসকলে আজিৰে পৰা প্ৰায় ১,১০০টা টোল প্লাজাত ৩%ৰ পৰা ৫%লৈ চাৰ্জৰ বৃদ্ধিৰ কথা ঘোষণা কৰিছে।আজিৰে পৰা ১১০০খন টোলগেটত ভৰিব লাগিব নতুন কৰ।