এন এফ ৰে’লৱেই ১৭খন ৰে’ল বাতিল

নিউজ ডেস্ক, ১৫ মে’- নেৰানেপেৰা বৰষুণৰ ফলত হাফলংত ভূমিস্খলনে দেখা দিছে। ভূমিস্খলনৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে। ক্ষতিগ্ৰস্ত এলেকাত আৱদ্ধ হৈ পৰিছে দুখনকৈ ৰে’ল।
ডিটকচেৰা আৰু নিউ হাফলঙত আৱদ্ধ হৈ আছে গুৱাহাটী-শিলচৰ পেচেঞ্জাৰ আৰু শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’ল।
NFRৰ উদ্যোগত আৱদ্ধ যাত্ৰীৰ উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। বায়ু সেনাৰ সহযোগতো চলিছে উদ্ধাৰ অভিযান।
নিউ হাফলঙত আৱদ্ধ যাত্ৰীৰ বাবে এখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰা হৈছে। লগতে চাৰিখনকৈ বাছৰ ব্যৱস্থা কৰা হৈছে।
বৰ্তমানলৈ ১৭খনকৈ ৰে’ল বাতিল কৰাৰ কথা ঘোষণা কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই। আৰু অধিক ৰে’ল বাতিল কৰাৰো সম্ভাৱনা আছে বুলি জনায় উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে।