Local, Vocal, Global

২১ বছৰৰ অন্তত ভাৰতলৈ মিচেছ ৱৰ্ল্ডৰ মুকুট আনিলে সৰগম কৌশলে…

২১ বছৰৰ পাছত ভাৰতৰ বাবে গৌৰৱান্বিত মুহূৰ্ত। ভাৰতীয় কন্যা সৰগম কৌশলে জিলিকিলে মিছেছ ৱৰ্ল্ড ২০২২ ৰ খিতাপ৷ দুই দশকৰ মূৰত ৬৩খন দেশক পৰাস্ত কৰি বিজয়ী হ’ল জম্মু-কাশ্মীৰৰ সৰগম কৌশল ৷ ২০২১ চনৰ বিজয়ী আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্যেলিন ফৰ্ডে শনিবাৰে ৱেষ্টগেট লাছ ভেগাছ ৰিজৰ্ট আৰু কেচিনোত আয়োজিত এক অনুষ্ঠানত সৰগমৰ শিৰত শ্ৰেষ্ঠত্বৰ মুকুট পিন্ধিবলৈ সক্ষম হয়। উক্ত প্ৰতিযোগিতাত মিছেছ পলিনেছিয়াক প্ৰথম ৰানাৰ-আপ আৰু মিছেছ কানাডা দ্বিতীয় ৰানাৰ-আপ হয়৷ মিছেছ ৱৰ্ল্ড ২০২২ ৰ খিতাপ লাভ কৰা সৰগম কৌশল পেছাত এগৰাকী শিক্ষয়িত্ৰী৷ অনুষ্ঠানটোৰ পিছত এটা ভিডিঅ’ত কয়, “আমি ২১-২২ বছৰৰ পিছত মুকুটটো ঘূৰাই পাইছো। মই বহুত উত্তেজিত। লাভ ইউ ইণ্ডিয়া, লাভ ইউ ৱৰ্ল্ড।